ETV Bharat / state

নগাঁৱত অসৎ উপায়েৰে পৰীক্ষাত বহা পাঁচ শিক্ষাৰ্থীক নিলম্বন - নগাঁও

মৰিগাঁও উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন

পৰীক্ষা কেন্দ্ৰত বেমেজালি
author img

By

Published : Feb 27, 2019, 7:38 PM IST

নগাঁও,২৭ফেব্ৰুৱাৰী: পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰা স্থাপন কৰিও ৰোধ কৰিব পৰা নাই নকল । নগাওঁ-মৰিগাঁও জিলাৰ সীমান্তৰ এটা পৰীক্ষা কেন্দ্ৰত খোদ শিক্ষকেই পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ ।

পৰীক্ষা কেন্দ্ৰত বেমেজালি
বুধবাৰে মৰিগাঁও উপায়ুক্তই অতৰ্কিত পৰিদৰ্শন কৰি পাঁচ গৰাকীকৈ পৰীক্ষাৰ্থী বহিস্কাৰ কৰাৰ লগতে নিলম্বিত কৰে দুজনকৈ শিক্ষকক ।

উল্লেখ্য যে সদ্য চলিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাজতে বুধবাৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষকে বটদ্ৰৱা সমষ্টিৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । কিন্তু বিদ্যালয়খনত উপস্থিত হৈয়ে দমে দমে পৰি থকা নকল চকুত পৰাত আচম্বিত হৈ পৰে জিলা উপায়ুক্ত গৰাকী । ইপিনে অসৎ উপায় অৱলম্বন কৰি পৰীক্ষাত অৱতীৰ্ণ কৰা বাবে পাঁচ গৰাকীকৈ পৰীক্ষাৰ্থীক বহিস্কাৰ কৰা হয় । লগতে পৰীক্ষাৰ দায়িত্বত থকা দুজন শিক্ষককো নিলম্বন কৰা হয় ।

A_NGN_801-817_27FEB_COPY_IN_EXAM_RAKIBUL_WAHID
VIS+BITE SEND BY FTP 

INTRO. পৰীক্ষা কেন্দ্ৰত চি চি কেমেৰা স্থাপন কৰিও ৰোধ কৰিব পৰা নাই নকল। নগাওঁ মৰিগাঁও জিলাৰ সীমান্তৰ এখন পৰীক্ষা কেন্দ্ৰত খোদ শিক্ষকেই পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ। মৰিগাঁও উপায়ুক্তই অতৰ্কিত পৰিদৰ্শন কৰি পাঁচ গৰাকীকৈ পৰীক্ষাৰ্থী বহিস্কাৰ কৰাৰ লগতে নিলম্বিত কৰে দুজনকৈ শিক্ষকক। 

Gfx1- নকলৰ বেহা পৰীক্ষা কেন্দ্ৰত। 

Gfx 2- খোদ শিক্ষকৰ বিৰুদ্ধে নকল যোগান ধৰাৰ অভিযোগ। 

Gfx3- পৰীক্ষা কেন্দ্ৰত নকলৰ দম 
Gfx 4- জিলা উপায়ুক্তৰ পৰিদৰ্শনে উন্মোচন কৰিলে নকলৰ তথ্য। 

Vo. হয় চাওক দৃশ্য। চলি আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।  পৰীক্ষাৰ্থী ব্যস্ত উত্তৰ বহিত লিখাত। কিন্তু একাংশই লিখিছে ঠিকেই। টুকুৰাটো উলিয়াইহে লিখিছে উত্তৰ বহীত। এনেদৰে মুকলিকৈ চলি আছে নকল। ভাগ্যও বেয়া। অতৰ্কিত পৰিদৰ্শন কৰিবলৈ উপস্থিত হল মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক । দৃশ্য দেখি অবাগ। বিদ্যালয় এইখন। বটদ্ৰৱা সমষ্টিৰ এইখন পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা চলি থকা বিদ্যালয়খনৰ ভিতৰে বাহিৰে কেৱল নকল। কত নাই নকল। শৌচলয়, বাৰান্দা, বিদ্যালয়ৰ পিছফালে সকলোতে কেৱল নকল টুকুৰা। দমে দমে পৰি আছে নকল। বুধবাৰে বিদ্যালয়খনত লজিকেল ফিলোচফী বিষয়ৰ পৰীক্ষা চলি থকাৰ সময়ত পৰিদৰ্শন কৰা জিলা উপায়ুক্তই লগে লগে গ্ৰহণ কৰিলে ব্যৱস্থা। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা পাঁচ গৰাকীকৈ পৰীক্ষাৰ্থীক কৰা হয় বহিস্কাৰ। পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগত নিলম্ভন কৰে বিদ্যালয়খনৰ দুই শিক্ষক গণেশ বৰদলৈ আৰু মুকীদুল হকক। 
Bite.
Evo, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ নামত শিক্ষকেই যেতিয়া অৱলম্বন কৰে অসৎ উপায় তেন্তে কোন দিশে গতি কৰিব এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ। 
------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
     27-2-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.