ETV Bharat / state

নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীক সহায় কৰাৰ অভিযোগ - nagaon-drugs-issue

নগাঁৱত একাংশ আৰক্ষীৰ সৈতে ড্ৰাগছ ব্যৱসায়ীয়ে অবৈধ ভাবে নেক্সাচ গঢ় দি অবাধে বৰবিহৰ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে । স্বয়ং হয়বৰ গাওঁ আৰক্ষী থানাৰ আৰক্ষীৰ সৈতে নাম সাঙোৰ খাইছে অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ ।

nagaon-drugs-issue
নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীক সহায় কৰাৰ অভিযোগ
author img

By

Published : Feb 1, 2021, 10:07 PM IST

চামগুৰি, 1 ফেব্ৰুৱাৰী : নগাঁৱত চলিছে অবৈধ ভাবে ড্ৰাগছৰ ব্যৱসায় ৷ নগাঁৱত এতিয়া নিষিদ্ধ ড্ৰাগছ সেৱন কৰি একাংশ যুৱচাম ধ্বংসৰ গৰাহলৈ গতি কৰিছে । নগাঁৱত একাংশ আৰক্ষীৰ সৈতে ড্ৰাগছ ব্যৱসায়ীয়ে অবৈধ ভাবে নেক্সাচ গঢ় দি অবাধে বৰবিহৰ ব্যবসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে । স্বয়ং হয়বৰ গাওঁ আৰক্ষী থানাৰ আৰক্ষীৰ সৈতে নাম সাঙোৰ খাইছে অবৈধ ড্ৰাগছ ব্যবসায়ীৰ । এই অভিযোগ কৰিছে বৰভেটি গাঁৱৰ স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে বিষটো সন্দৰ্ভত নগাঁও জিলা আৰক্ষী অধীক্ষকক লিখিত ভাবে অভিযোগো প্ৰদান কৰিছে ৷

নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ীক সহায় কৰাৰ অভিযোগ

এতিয়া যুৱচামক তিল তিল কৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব তথা ড্ৰাগছ ব্যৱসায়ীৰে নাম সাঙোৰ খোৱা হয়বৰগাঁও আৰক্ষীৰ বিৰুদ্ধে তদন্ত চলোৱা হ‘ব নে সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক: 2021-22 বৰ্ষৰ বাজেটে ত্ৰিপুৰাৰ আৰ্থিক উন্নয়ন আনিব: বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.