ETV Bharat / state

নিৰ্বাচনত ধনৰ লেনদেন হ’লে জেলৰ ভাত নিশ্চিত: কবিতা পদ্মনাভন

নগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কবিতা পদ্মনাভনে জাৰি কৰা এক জাননী অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত ভোটাৰক যিকোনো প্ৰকাৰৰ নগদ ধন অথবা দ্ৰব্যৰ ৰূপত উৎকোচ দিব বা ল’ব নোৱাৰিব ৷ এনে কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্ত হৈ দণ্ডিত হ’ব ৷

author img

By

Published : Mar 1, 2021, 10:03 AM IST

নিৰ্বাচনক লৈ কঠোৰ নগাঁও জিলা উপায়ুক্ত
নিৰ্বাচনক লৈ কঠোৰ নগাঁও জিলা উপায়ুক্ত

নগাঁও,1 মাৰ্চ: নিৰ্বাচনক লৈ কঠোৰ হৈছে নগাঁও জিলা উপায়ুক্ত ৷ দেওবাৰে উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কবিতা পদ্মনাভনে এক জাননী যোগে জাৰি কৰিছে নিৰ্বাচন সম্বন্ধীয় কিছু তথ্য ৷

এই জাননীত উল্লেখ কৰা অনুসৰি, নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময়ত ভোটাৰক যিকোনো প্ৰকাৰৰ নগদ ধন অথবা অন্য দ্ৰব্যৰ ৰূপত উৎকোচ দিব বা ল’ব নোৱাৰিব ৷ এনে কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৭১-বি ৰ অধীনত দোষী সাব্যস্ত হৈ এবছৰ পৰ্যন্ত কাৰাদণ্ড অথবা জৰিমনা ভৰিব লাগিব অথবা দুয়োটা প্ৰযোজ্য হ’ব পাৰে ।

নিৰ্বাচনক লৈ কঠোৰ নগাঁও জিলা উপায়ুক্ত
নিৰ্বাচনক লৈ কঠোৰ নগাঁও জিলা উপায়ুক্ত

ইয়াৰ উপৰিও, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৭১-চি অনুসৰি যিকোনো প্ৰাৰ্থী অথবা নিৰ্বাচকক অথবা যিকোনো অন্য ব্যক্তিক যিকোনো প্ৰকাৰে আঘাত কৰাৰ ভাবুকি দিয়াজনৰ ক্ষেত্ৰত এবছৰ পৰ্যন্ত কাৰাদণ্ড অথবা জৰিমনা অথবা দুয়োটা শাস্তি প্ৰযোজ্য হ’ব পাৰে ৷ ইয়াৰ দ্বাৰা সকলো নাগৰিককে যিকোনো ধৰণৰ উৎকোচ লোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰে নগাঁৱৰ উপায়ুক্ত গৰাকীয়ে ৷ যদি কোনো লোকে যিকোনো ধৰণৰ উৎকোচ দিয়া অথবা ভোটাৰক ভাবুকি দিয়াৰ বিষয়ে জানিবলৈ পায়, তেনেহ’লে জিলাৰ গোচৰ নিৰীক্ষণ কোষ (২৪/৭ কাৰ্যক্ষম) নম্বৰ ০৩৬৭২-২৩৬৮২৭ আৰু ০৩৬৭২-২৫১০৬২১ ত অভিযোগ দিব পাৰিব ৷

লগতে পঢ়কঃ নলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.