ETV Bharat / state

নগাঁৱত ডকাইতৰ গুলিত আহত গাড়ীচালক - নগাঁও আৰক্ষী

নগাঁৱৰ বৰঘাট বাইপাছত চাঞ্চল্যকৰ গুলীচালনা । মঙলবাৰে পুৱতি নিশা নগাঁৱৰ বাইপাছত ১২ জনীয়া ডকাইতৰ দলে চলালে তাণ্ডৱ । ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত হয় বৰপেটাৰ এজন গাড়ীচালক ।

nagaon firing case
নগাঁৱত চাঞ্চল্যকৰ ডকাইতি
author img

By

Published : Sep 21, 2021, 12:01 PM IST

নগাঁও, 21 ছেপ্তেম্বৰ : মঙলবাৰে পুৱতি নিশা নগাঁৱৰ বৰঘাটৰ সমীপৰ বাইপাছত সংঘটিত হয় এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । ১২ জনীয়া এটা ডকাইতৰ দলে পুৱতি নিশা একপ্ৰকাৰ তাণ্ডৱ চলাই বৰঘাট বাইপাছত । গুৱাহাটীৰ পৰা হাফলং অভিমুখে গৈ থকা এখন সামগ্ৰী কঢ়িওৱা বলেৰ' পিক আপ ভানক আগুচি ধৰি প্ৰথমে ধন দাবী কৰে ডকাইতৰ দলটোৱে ।

নগাঁৱত চাঞ্চল্যকৰ ডকাইতি

কিন্তু গাড়ীচালকজনৰ সৈতে সামান্য তৰ্কত লিপ্ত হোৱাত লগে লগে চালকজনক লক্ষ্য কৰি গুলীচালনা কৰে ১২ জনীয়া ডকাইতৰ দলটোৱে । চালকক গুলীয়াই ডকাইতৰ দলে চালক, হেণ্ডিমেনৰ লগত থকা মোবাইল, মানি বেগ কাঢ়ি লৈ যায় ৷ ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত হয় সামগ্ৰী কঢ়িওৱা বলেৰ' পিক আপ ভানখনৰ চালক সুমন দাস । ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷

লগতে পঢ়ক: আলফা(স্বা)ৰে প্ৰাথমিক আলোচনা কৰিবলৈ মুখ্যমন্ত্রীক কৰ্তৃত্ব প্ৰদান

কিন্তু আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটো ।

ইপিনে ডকাইতৰ গুলীত গুৰুতৰভাৱে আহত হোৱা গাড়ী চালক সুমন দাসক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চালকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ । অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে সামগ্ৰী কঢ়িওৱা বলেৰ' পিক আপ ভানখনৰ হেণ্ডিমেনজন ।

পুৱতি নিশা সংঘটিত হোৱা এই ডকাইতি ঘটনাই সৃষ্টি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে ব্যাপক চাঞ্চল্যই । ইতিমধ্য এই ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । লগতে পথ ডকাইতি সংঘটিত কৰা ডকাইতৰ দলৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.