ETV Bharat / state

বিয়াঘৰত আৰক্ষী,দৰা উভতিল আধাবাটৰ পৰাই ! - হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ

নগাঁৱৰ এখন বিয়া ৷ কিন্তু বিয়াঘৰলৈ দৰাৰ সলনি আহিল আৰক্ষীহে ৷ দৰা ঘূৰিল আধা বাটৰ পৰাই ৷ ইফালে হুৱাদুৱা লাগিল কইনাঘৰত ৷ আচলতে কি হৈছে এই বিবাহথলীত ৷ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন....

nagaon child marriage
বিয়াঘৰত আৰক্ষী, দৰা উভতিল আধাবাটৰ পৰাই
author img

By

Published : Mar 14, 2020, 10:20 AM IST

Updated : Mar 14, 2020, 10:55 AM IST

নগাঁও,14 মাৰ্চঃ নগাঁৱৰ এখন বিয়া। কিন্তু বিয়াঘৰলৈ দৰাৰ সলনি আহিল আৰক্ষীহে ৷ শনিবাৰে দিনৰ তিনি বজাত সম্পন্ন হ'বলগীয়া আছিল বিবাহখন ৷ দৰাঘৰৰ লোকেও কইনাক নিবলৈ আহিছিল আধাবাটলৈ ৷ কিন্তু হোজাই আমতলাৰ এই কইনাঘৰত হঠাৎ উপস্থিত হ'ল হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং,পেনেল অধিবক্তা ৰোহিনা ওৱাৰিছ,অমৰজ্যোতি শইকীয়া,চাইল্ড লাইন আৰু যোগীজান আৰক্ষীৰ এটা বৃহৎ দল ৷ আৰক্ষীৰ লোকক প্ৰত্যক্ষ কৰিয়েই হুলস্থুল লাগিল বিয়াঘৰত ৷ পলায়ন কৰিলে দুই-এজনে ৷ আইন সেৱা প্ৰাধিকৰণৰ দলটিয়ে কইনাৰ নথিপত্ৰ বিচৰাত ওলাল ওৰহী গছৰ ওৰ ৷

বিয়াঘৰত আৰক্ষী,দৰা উভতিল আধাবাটৰ পৰাই !
কইনাগৰাকী এতিয়াও হৈ আছে নাবালিকা ৷ সেয়েহে বিয়াঘৰত উপস্থিত হোৱা আইন সেৱা প্ৰাধিকৰণৰ দলটিয়ে বিয়াখন বন্ধ কৰাৰ নিৰ্দেশ দি কইনা গৰাকীক উঠাই লৈ আহিল হোজাই থানালৈ ৷ পিছত কইনাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি চাইল্ড লাইনৰ বিষয়াৰ হাতত কইনাগৰাকীক চমজাই দিয়া হয় ৷ ইফালে বিয়াঘৰত আৰক্ষী অহাৰ খবৰ পাই দৰাঘৰতো লাগিল হুৱাদুৱা ৷ দৰা আধাবাটৰ পৰাই ঘূৰি যাবলগীয়া হ'ল ৷ বিয়াঘৰৰ পৰা কইনা নোহোৱা হোৱাৰ খবৰ শুনি বিবাহলৈ অহা বহু অতিথিও আধাবাটৰ পৰা ঘূৰি যাবলগীয়া হ'ল ৷ এনেদৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ,চাইন্ড লাইন আৰু আৰক্ষীৰ সহযোগত বন্ধ হ'ল বাল্য বিবাহখন ৷

ইফালে আমতলাৰ ঘৰে ঘৰে আজি হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে অনুষ্ঠিত কৰে সজাগতা সভা ৷ বাল্য বিবাহ নিষিদ্ধকৰণ আইন ২০০৬ সন্দৰ্ভত আইন সেৱা প্ৰাধিকৰণে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷

লগতে চাওকঃ

কৰ’ণা আতংকঃ বাতিল হ’ল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভাৰত ভ্ৰমণ

Last Updated : Mar 14, 2020, 10:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.