ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভূক্ত নগাঁৱৰ যুৱকৰ - ইণ্ডো নেপাল গেমছ ২০২১

নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত কঠালগুৰি-চাৰমুং গাঁৱৰ অম্লানজ্যোতি জি ম'মিনে ইণ্ডো-নেপাল গেমছ ২০২১ ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ নিৰ্বাচিত হৈছে ৷ অম্লানৰ এই সফলতাত আনন্দিত অঞ্চলবাসী ৷

as_smg_nagaon-boy-got-selected-to-indo-nepal-games-2021_vis_asc10079
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভক্ত নগাঁৱৰ যুৱকৰ
author img

By

Published : Feb 23, 2021, 12:11 PM IST

চামগুৰি,23 ফেব্ৰুৱাৰী: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এজন যুৱকে ৷ নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত কঠালগুৰি-চাৰমুং গাঁৱৰ অম্লানজ্যোতি জি ম'মিনে নিজৰ প্ৰতিভাৰে অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

৪ মাৰ্চৰ পৰা চুবুৰীয়া দেশ নেপালত অনুষ্ঠিত হ'বলগীয়া ‘ইণ্ডো-নেপাল গেমছ ২০২১’ ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব অম্লানজ্যোতিয়ে ৷ প্ৰতিযোগিতাখনৰ বাবে সম্প্ৰতি কঠোৰ অনুশীলনত ব্যস্ত অম্লান ৷ অতি দৰিদ্ৰ পৰিয়ালৰ অম্লানৰ এই সফলতাই গৌৰৱান্বিত কৰি তুলিছে পিতৃ-মাতৃক ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত নাম অন্তৰ্ভক্ত নগাঁৱৰ যুৱকৰ

আনহাতে, অম্লানে এই সফলতাৰ কৃতিত্ব পিতৃ-মাতৃৰ লগতে প্ৰশিক্ষক মণি কুমাৰ শ্ৰেষ্ঠাক প্ৰদান কৰে ৷ সম্প্ৰতি পুৰণিগুদামৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত উদীয়মান ফুটবল খেলুৱৈ অম্লানে সপ্তম শ্ৰেণীৰ পৰাই ফুটবল খেলৰ প্ৰতি আকৰ্ষিত হৈছিল ৷ কিন্তু পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ বাবে বিগত তিনিবছৰৰ পৰাহে ফুটবলৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিছে অম্লানে ৷

লগতে পঢ়ক-কণ্টেইনমেণ্ট জ'নত পৰিণত ডিব্ৰুগড় বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.