ETV Bharat / state

বটদ্ৰৱাৰ শিলপুখুৰীত গড়কাপ্তানী বিভাগৰ বাঁহ বেতৰ শিল্প - নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টি

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁৱত এতিয়া বাঁহ বেতৰে গড়কাপ্তানী বিভাগে কৰিছে ব্যপক উন্নয়ন ৷ ৰ'ব সঁচা কথাটো জানি লওক প্ৰথমতে ৷ বাৰিষা,খৰালি বুলি একো নাই এই অঞ্চলটোত ৷ বছৰৰ বাৰ মাহেই এখন মাত্ৰ বাঁহৰ দলঙকে ভৰষা কৰি চলি আহিছে ৰাইজ ৷

বটদ্ৰৱাৰ শিলপুখুৰীত বাঁহ বেতৰ শিল্প গড়কাপ্তানী বিভাগৰ

author img

By

Published : Mar 16, 2020, 12:11 PM IST

বটদ্ৰৱা, 16 মাৰ্চঃ বিকশিত অসমৰ এখন নগ্ন ছবি ৷ কি কংগ্ৰেছ কি বিজেপি দুয়োখন চৰকাৰৰ দিনতে পৰিস্থিতি সলনি নহ'ল ৰাজ্যৰ কেবাটাও অঞ্চলৰ ৷ আজিও কাঠ বাঁহেই মুখ্য ভূমিকা পালন কৰি আহিছে ৰাজ্যৰ একাংশ অঞ্চলত ৷ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে কৰা উন্নয়নৰ এখন নগ্ন ছবি আমি দেখুৱান আপোনাক ৷ এইয়া নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁৱত এতিয়া বাঁহ বেতৰে গড়কাপ্তানী বিভাগে কৰিছে ব্যপক উন্নয়ন ৷ ৰ'ব সঁচা কথাটো জানি লওক প্ৰথমতে ৷ বাৰিষা,খৰালি বুলি একো নাই এই অঞ্চলটোত ৷ বছৰৰ বাৰ মাহেই এখন মাত্ৰ বাঁহৰ দলঙকে ভৰষা কৰি চলি আহিছে ৰাইজ ৷

বটদ্ৰৱাৰ শিলপুখুৰীত গড়কাপ্তানী বিভাগৰ বাঁহ বেতৰ শিল্প

উন্নয়ন হৈছে,চাৰিওফালে এতিয়া জয় জয় ময় ময় অৱস্থাৰ এখন প্ৰকৃত ছবি ৷ 2016 চনৰ পৰা 2020 চন পালেহি,চৰকাৰৰ সম বিকাশ,সম উন্নয়ন নীতিৰ বাবে নগাঁৱত ব্যাপক উন্নয়ন হৈছে ৷ সেয়ে ৰাইজ আজি সুখী ৷ বিপদ সংকুল যাত্ৰা কৰিলেও বাঁহৰ দলং খনেই ৰাইজৰ বাবে বেছি বিশ্বাসী বস্তুত পৰিণত হৈছে চৰকাৰতকৈ ৷ শিঙিমাৰি,দিঘলী আতি,গলাকতাকে ধৰি কেইবাখনো গাঁৱৰ পৰা দৈনিক ছাত্ৰ ছাত্ৰীয়ে এইদৰেই বাহঁৰ দলং খনৰেই বিপদসংকুল ভাৱে অহা যোৱা কৰে। সকলো দেখিও নিৰ্বিকাৰ বিধায়িকা আঙুৰলতা ডেকা । কেৱল আধাৰশিলা স্থাপন কৰিয়েই বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা কৰা বিধায়িকা আঙুৰলতা ডেকাক সময় থাকোতেই এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে ৷

লগতে চাওকঃ

কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতা 21ত বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.