নগাঁও,বেবেজীয়া, 21 অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । নিশা হ'লেই ট্ৰাকে ট্ৰাকে সৰবৰাহকাৰীয় চোৰাং ভাৱে সৰবৰাহ কৰি আহিছে শ-শ গৰু। সোমবাৰে পুৱাই নগাঁৱৰ বেবেজীয়াত জব্দ হয় অবৈধ ভাৱে সৰবৰাহ কৰা দুখনকৈ গৰু ভৰ্তি ট্ৰাক। AS-01GC-2487 আৰু ML-05R-3814 নম্বৰৰৰ ট্ৰাক দুখনত ৪৮ টাকৈ গৰু সৰবৰাহ কৰি আনিছিল চোৰাং ব্যৱসায়ীয়ে।
জানিব পৰা মতে সোমবাৰে পুৱাই নগাঁও দিশৰ পৰা চিলং অভিমুখে ২ খন ট্ৰাক গৈ থকা অৱস্থাতে বেবেজীয়াত পৰিবহণ বিভাগৰ এটা দলে গাড়ী দুখনৰ নথি পত্ৰ চাই পৰীক্ষা নিৰীক্ষাৰ বাবে গাড়ীৰ কাগজ পত্র লৈ যায় । ইয়াৰ পিছতই নিজ ডিমৌৰ চাৰি লাইন যুক্ত পথৰ কাষতেই ট্ৰাক দুখন ৰখাই পলায়ন কৰে গাড়ীখনৰ চালক আৰু হেণ্ডিমেনে। পিছত পুৱা প্ৰাতঃভ্ৰমণৰ বাবে অহা স্থানীয় লোকে গাড়ী দুখন প্ৰত্যক্ষ কৰে। স্থানীয় ৰাইজ গাড়ী দুখনৰ ওচৰ চাপি যোৱাত ট্ৰাক দুখন গৰুৰে ভৰ্তি হৈ থকাৰ লগত দুজন যুৱকক দেখা পায়। স্থানীয় ৰাইজে ততাতৈয়াকৈ বেবেজীয়া আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে গৰু ভৰ্তি দুখন ট্ৰাকসহ দুজনকৈ লোকক। স্থানীয় ৰাইজৰ মতে ট্ৰাক দুখনত অনা গৰু অবৈধভাৱে চোৰাং ব্যৱসায়ীয়ে আনিছিল। কিন্তু বৰ্তমানলৈকে আৰক্ষী নিশ্চিত নহয় প্ৰকৃততে ট্ৰাকখনত অনা গৰু সমূহ চোৰাং হয় নে নহয় । সমগ্ৰ তথ্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । বিপৰীতে আটক কৰা লোক কেইজনেও কোনোধৰণৰ বৈধ নথি পত্ৰ দাখিল কৰিব পৰা নাই আৰক্ষীক ৷
লগতে চাওকঃ মাজবাটত গাঞ্জাসহ আটক দুজন লোক