ETV Bharat / state

লংকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ দাবী নগাঁও AJYCP ৰ

author img

By

Published : Jun 4, 2021, 2:31 PM IST

Updated : Jun 4, 2021, 3:40 PM IST

গতিকে ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগত ঘটা এই ঘটনাই যাতে শেষ ঘটনা হয়, তাৰ বাবে ফাষ্টট্ৰেক আদালতত আটাইকেইজন দোষীৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে বুলি দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ এগৰাকী চিকিৎসকক এনেদৰে আক্ৰমণ কৰা জঘণ্য কাণ্ডই সমগ্ৰ অসমকেই বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে বুলি মত প্ৰকাশ কৰিছে সংগঠনটোৰ নেতাই ৷

nagaon-ajycp-sent-memorandum-to-cm-seeking-quick-justice-of-lanka-doctor-incident
লংকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালত কৰাৰ দাবী নগাঁও AJYCP ৰ

নগাঁও,4 জুন: শেহতীয়াকৈ লংকাৰ ফুলতলি মডেল হাস্পতালৰ ক'ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হোৱা চিকিৎসক আক্ৰমণৰ বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ লগতে ক'ভিড-19 ৰ অতিমাৰীৰ সময়ত সমাজৰ ত্ৰাণকৰ্তা ৰূপে বিবেচিত হোৱা এগৰাকী চিকিৎসকক এনেদৰে আক্ৰমণ কৰা জঘণ্য কাণ্ডই সমগ্ৰ অসমকেই বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে বুলি মত প্ৰকাশ কৰিছে পৰিষদৰ সদস্য সকলে ৷

এই বৰ্বৰ কাণ্ডত জড়িত থকা দোষী সকলক কৰায়ত্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে চিকিৎসা বৃত্তিত জড়িত সকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে ৷ লগতে এই সন্দৰ্ভত এক ফলপ্ৰসূ পদক্ষেপ লবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নগাঁও জিলা উপায়ুক্তৰ জড়িয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে AJYCP জিলা সমিতিৰ সভাপতি দিপমনি বড়া আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই ৷

স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছত নেতা দুগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে," এনেকুৱা ঘটনা চেগাচোৰোকাকৈ সমাজত ঘটি থাকে ৷ কিন্তু দোষীয়ে আইন আদালতৰ সুৰুঙাৰে সাৰি যায় ৷ ফলশ্ৰুতিত পুনৰ এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি কৰিবলৈ দুৰ্বৃত্তই কুণ্ঠাবোধ নকৰে ৷ গতিকে ডাঃ সেউজ কুমাৰ সেনাপতিৰ লগত ঘটা এই ঘটনাই যাতে শেষ ঘটনা হয় তাৰ বাবে ফাষ্টট্ৰেক আদালতত আটাইকেইজন দোষীৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগে "৷

ইয়াৰ লগতে এইক্ষেত্ৰত হোজাই জিলাৰ আৰক্ষী প্ৰশাসনে যাৱতীয় কামখিনি অতিশীঘ্ৰে কৰি আদালতত জমা দিব লাগে বুলি দাবী উত্থাপন কৰে দুয়োগৰাকী নেতাই ৷ এই ঘটনা সন্দৰ্ভত কাৰ্যকৰী পদক্ষেপ লোৱাৰ নিমিত্তে স্মাৰকপত্ৰখনৰ প্ৰতিলিপি অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈও প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ মূহুৰ্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিৰ উপ-সভাপতি ভাষ্কৰজ্যোতি ভাগৱতী আৰু সাংগঠনিক সম্পাদক প্ৰবাল শৰ্মাও উপস্থিত থাকে ৷

লগতে পঢ়কঃ লখিমপুৰত মুকলিৰ পূৰ্বেই জহি-খহি গৈছে বি আৰ আম্বেদকাৰ ভৱন

Last Updated : Jun 4, 2021, 3:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.