বঢ়মপুৰ, 6 আগষ্টঃ কামপুৰৰ জ্যেষ্ঠ নাগৰিক তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন সেৱক নৱকান্ত বৰুৱাৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে ৷ 82 বছৰ বয়সত তেওঁৰ বিয়োগ ঘটে ৷
তেজপুৰৰ সংঘৰ কাৰ্যালয়ত থকা সময়তে ষ্ট্ৰোক হয় বৰুৱাৰ ৷ তাৰ পাচত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় বৰুৱাৰ ৷ বৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে কামপুৰ অঞ্চলত ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ জ্যেষ্ঠ প্ৰচাৰক নৱকান্ত বৰুৱা দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কামপুৰৰ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল সংগঠনে ৷
লগতে পঢ়কঃ ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ