ETV Bharat / state

ৰহাত ককায়েকৰ হাতত প্ৰাণ গ'ল ভায়েকৰ - murder

ফুলগুৰিৰ পশ্চিম শালমাৰাত ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে ভায়েকে ৷ মদ্যপান কৰাৰ ফলতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনাৰ লগত জড়িত এজনক আটক কৰিছে আৰক্ষীয়ে ৷

ৰহাৰ পশ্চিম শালমাৰাত ককায়েকৰ হাতত প্ৰাণ গ'ল ভায়েকৰ

author img

By

Published : Jun 5, 2021, 12:57 PM IST

ৰহা,5 জুন: নগাঁৱৰ ফুলগুৰিৰ পশ্চিম শালমাৰাত সংঘটিত হৈছে এক অঘটন ৷ ককায়েকৰ হাতত প্ৰাণ হেৰুৱালে ভায়েকে ৷ পাৰিবাৰিক কন্দলৰ ফলতে এই অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

প্ৰাপ্ত তথ্য অনুসৰি, মদ্যপান কৰি পশ্চিম শালমাৰাৰ কেশৱ কাকতি আৰু ৰজত কাকতিৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ জানিব পৰা মতে, সম্বন্ধত কেশৱ কাকতি আৰু ৰজত কাকতি দুয়ো ভাই-ককাই ৷ এই কাজিয়াৰ পৰিণতিস্বৰূপে ককায়েকে চুৰিৰে আঘাত কৰে কেশৱ কাকতিক ৷ ককায়েকৰ প্ৰহাৰত মৃত্যু হয় কেশৱ কাকতি নামৰ যুৱকজন ৷

ৰহাৰ পশ্চিম শালমাৰাত ককায়েকৰ হাতত প্ৰাণ গ'ল ভায়েকৰ
ৰহাৰ পশ্চিম শালমাৰাত ককায়েকৰ হাতত প্ৰাণ গ'ল ভায়েকৰ

উল্লেখ্য যে, ঘৰৰ চোতালতে ৰজত কাকতিয়ে ভাতৃ কেশৱক চুৰিৰে পেটত আঘাত কৰে যাৰ ফলত গুৰুতৰভাৱে আহত হয় কেশৱ ৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ কেশৱক চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে মৃত্যু ঘটে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ এই ঘটনাৰ লগত জড়িত ৰজত কাকতিক আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: সৰ্থেবাৰীত আটক ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.