কলিয়াবৰ, 19 ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে বিয়লি কলিয়াবৰৰ শালনা চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ নিজ বাসগৃহৰ চৌহদতে এজন লোকে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে গৌতম মল্লিক নামৰ যুৱক জনক ৷
অমিৰ ভুমিজ নামৰ লোকজনে চোকা দা ৰে ঘপিয়াই হত্যা কৰে গৌতম মল্লিকক ৷ শালনা চাহ-বাগিচাৰ পোষ্ট-অফিচ লাইনৰ সমীপৰ বৰ-লাইন সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো । এই হত্যাকাণ্ড সংঘটিত কৰিয়েই শালনা আৰক্ষী চকীত আত্মসৰ্মপন হত্যাকাৰী অমিৰ ভুমিজে ।
এটা সৰু ঘটনাক কেন্দ্ৰক কৰিয়েই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো ৷ উল্লেখ্য যে, নিহত গৌতম মল্লিক ঘৰৰ কোনো সদস্যই প্ৰতিবেশী অমিৰ ভুমিজৰ ঘৰত বেপাৰীক বিক্ৰী কৰিবৰ গোটাই থোৱা সৰা চুলি চুৰি কৰিছিল । তাৰ পাছতে দুয়োঘৰৰ মহিলাৰ মাজত সৃষ্টি হয় তৰ্কা-তৰ্কী ।
সৰা চুলি চোৰক লৈ পৰবৰ্তী সময়ত দুয়ো ঘৰৰ দুই পুৰুষৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । কাজিয়াৰ মাজতে চুলাই-মদৰ ৰাগীত মাতাল অমিৰ ভুমিজে হাতত চাহগছ কলম দিয়া চোকা দাৰে ঘপিয়াই দিয়ে গৌতম মল্লিকৰ ডিঙিত । অমিৰৰ দাৰ প্ৰহাৰত থিতাতে নিহত হয় গৌতম । এই ঘটনা সংঘটিত কৰিয়েই শালনা আৰক্ষী চকীত আত্মসৰ্মপন কৰে হত্যাকাৰী অমিৰ ভুমিজে ৷
লগতে পঢ়কঃ ভিছাৰ নিয়ম উলংঘন কৰাৰ অপৰাধত আটক বাংলাদেশী