ETV Bharat / state

নগাঁৱৰ বৰপাথৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By

Published : Jul 19, 2020, 12:13 PM IST

ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ব্যক্তিজনক দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

Murder at Borpathori of Nagaon
নগাঁৱৰ বৰপাথৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড।

নগাঁও, 19 জুলাই: নগাঁৱৰ বৰপাথৰিৰ দক্ষিণ সূতাৰগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ ঘৰৰ পদূলিতে দুৰ্বৃত্তই ফলা বাঁহৰে মৰিয়াই হত্যা কৰিলে উমাচৰণ হাজৰিকা নামৰ এজন লোকক ৷ ব্যক্তিজনক ঘৰৰ পদূলিতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ব্যক্তিজনক দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, ননৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি ইতিমধ্যেই আটক কৰিছে উৎপল হাজৰিকা নামৰ এজন অভিযুক্তক ৷ আনহাতে পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত ৷ চুবুৰীয়াই জনোৱা অনুসৰি শনিবাৰে নিশা অশ্লীল গালি-গালাজ পাৰাক লৈ তিনি যুৱকৰ সৈতে উমাচৰণ হাজৰিকাৰ সংঘাতৰ সৃষ্টি হৈছিল ৷ তাৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃ মৰিগাঁৱৰ সোণাৰি গাঁৱত নিশা পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.