ETV Bharat / state

ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিডাক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ - নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ

ক'ভিড-১৯ ৰ ভয়াৱহ সময়ত জনতাৰ কাষত থিয় দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিড আক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

author img

By

Published : May 26, 2021, 10:47 PM IST

নগাঁও, 26 মে' : ক'ভিড-১৯ ৰ ভয়াৱহ সময়ত জনতাৰ কাষত থিয় দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিড আক্ৰান্তক সহায় সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত লোকসকলক কিছু হ'লেও সকাহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এই ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকৰ বাবে এম্বুলেঞ্চকে ধৰি অক্সিজেন পৰ্যন্ত যোগান ধৰাৰ ব্যৱস্থা কৰিছে সাংসদ গৰাকীয়ে।

দিনে নিশাই সেৱা অব্যাহত ৰখা সাংসদ ক'ভিড সেৱা কেন্দ্ৰত বহুকেইজন স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে । নগাঁও জিলাৰ উপৰিও হোজাই আৰু মৰিগাঁও জিলাতো সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বুধবাৰে নগাঁৱৰ সাংবাদিকসকলৰ লগতে বিভিন্নজনক মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰে সাংসদগৰাকীয়ে।

লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.