ETV Bharat / state

অবৈধ মাতৃত্বৰ কলংক মচিবলৈ নিমখ খুৱাই হত্যা নৱজাতকক

পুনৰ ভূলুণ্ঠিত হ’ল মানৱতা । সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই কঁপাইছে নগাঁও । অবৈধ মাতৃত্বৰ কলংক মচিবলৈ ধিঙৰ কমলসূতি চৰত জন্মদাত্ৰীয়ে নিমখ খুৱাই হত্যা কৰিলে সদ্যোজাত সন্তানক (Mother killed newborn baby girl) ৷

author img

By

Published : Apr 29, 2022, 12:36 PM IST

Updated : Apr 29, 2022, 2:47 PM IST

Mother killed newborn baby girl
অবৈধ মাতৃত্বৰ কলংক মচিবলৈ নিমখ খুৱাই হত্যা নৱজাতকক

নগাঁও, 29 এপ্ৰিল : নগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । নগাঁও জিলাৰ ধিঙৰ কমলসুতি চৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা ৷ নিজৰ কুকৰ্ম ঢাকিবলৈ খোদ মাতৃয়ে নৱজাতকক হত্যা কৰাৰ অভিযোগ উঠিছে । অবৈধ মাতৃত্বৰ কলংক মচিবলৈ মাতৃগৰাকীয়ে সদ্যোজাত সন্তানক (Mother killed newborn baby girl in Nagaon) হত্যা কৰাৰ অভিযোগ উঠিছে ৷ এই ঘটনা পোহৰলৈ অহাত সম্প্ৰতি ধিঙৰ কমলসূতি চৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

newborn baby girl
অভিযুক্ত ছাইফুল ইছলাম

কিমান পাষাণ হৃদয়ৰ হ’লে নিজৰ সদ্যোজাতক জন্মদাত্ৰীয়ে হত্যা কৰিব পাৰে ! জানিব পৰা মতে, অভিযুক্ত মহিলাগৰাকী দুই সন্তানৰ মাতৃ ৷ ঘটনাৰ বিৱৰণি অনুসৰি, বিগত দুটা বছৰে কৰ্মসূত্ৰে অভিযুক্ত মহিলাগৰাকীৰ স্বামী আছে গৈ কেৰালাত ৷ তাৰে সুযোগ গ্ৰহণ কৰি স্বামীৰ খুৰাকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল এই মহিলাগৰাকীয়ে । মহিলাগৰাকীৰ অভিযুক্ত খুৰা শহুৰৰ নাম ছাইফুল ইছলাম ৷

লগতে পঢ়ক : GMCH ৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

ছাইফুল ইছলামৰ সৈতে থকা অবৈধ সম্পর্কৰ পৰিণতিত মহিলাগৰাকীয়ে যোৱা 26 এপ্ৰিলৰ নিশা জন্ম দিয়ে এটি কন্যা সন্তানক ৷ পিছত এই কলংকৰ পৰা হাত সাৰিবলৈ ছাইফুলে মহিলাগৰাকীক নিমখ খুৱাই হত্যা কৰিবলৈ দিয়ে পৰামৰ্শ ৷ ছাইফুলৰ কু-মন্ত্ৰণা মতেই মহিলাগৰাকীয়ে সদ্যোজাত কন্যা সন্তানটিক নিমখ খুৱাই ডিঙি চেপি অতি নৃশংসভাৱে হত্যা কৰি ঘৰৰ পিছফালে পুতি থয় ৷

পৰৱৰ্তী সময়ত এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি খবৰ দিয়ে আৰক্ষীক ৷ তাৰ পাচত স্থানীয় ৰাইজে অভিযুক্ত ছাইফুলক উত্তম মধ্যম শোধাই গতাই দিয়ে ধিং আৰক্ষীক ৷ ইফালে বৃহস্পতিবাৰে বিয়লি ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ আনহাতে, মাতৃৰ নামত কলংক সনা মহিলাগৰাকীৰ লগতে লম্পট ছাইফুলক এক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : পুনৰ মাতৃ হ’বলৈ ওলাইছে আমেৰিকাৰ জনপ্ৰিয় কণ্ঠশিল্পী ব্ৰিটনী স্পীয়াৰ্ছ

Last Updated : Apr 29, 2022, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.