চামগুৰি, 26 ডিচেম্বৰ: "মই আপোনালোকৰ সহায় বিচাৰিছো ৷ আপোনালোকে কি কৰে কৰক ৷ মোক অলপ ৰেহাই দিয়ক ৷ মোৰ আৰু উপায় নাই ৷ বাপেকো নাই তাৰ ৷ মই টিউচন কৰি ঘৰখন চলাইছিলো ৷ এতিয়া সেই ব্যৱস্থাকনো নাই ৷ দুই এটা ৰুম ভাৰা দিছিলো ৷ এতিয়া সেই ব্যৱস্থাটোও নাই ৷ কাৰণ সি ভাড়াতীয়া কেইটাক অত্যাচাৰ কৰে ৷ ল’ৰা-ছোৱালীক মাৰপিট কৰে ৷ ঘৰৰ বস্তু বাহিনী ভাঙি দিয়ে ৷ এনেকুৱা হ’লে মানুহ নাথাকিব নহয় ৷ মই পইছা ক’ত পাম? কেনেকৈ চলিম বাৰু ৷ "এয়া এগৰাকী অসহায় তথা দুৰ্ভগীয়া মাতৃৰ ভাষ্য ৷
নগাঁও চহৰৰ সমীপৰ বৰভেটি গাঁৱৰ মঞ্জুৱাৰা বেগমৰ জেষ্ঠ পুত্ৰ মুজাম্মিল হকে বিগত পাঁচ বছৰ ধৰি হেৰুৱাই পেলাইছে মানসিক ভাৰসাম্য (Muzammil Hoque lost his mental balance for past five years) ৷ ফলস্বৰূপে অকলশৰীয়া মাতৃয়ে অসমৰ বিভিন্ন ঠাইত চিকিৎসা সেৱা গ্ৰহণ কৰি আছে মুজাম্মিল হকৰ (Mother in tension for his mentally ill son) ৷ কিন্তু আজিকোপতি কোনো সুফল লাভ নকৰিলে এই দুৰ্ভগীয়া মাতৃগৰাকীয়ে । মুজাম্মিলৰ নাই পিতৃ ৷ ভাতৃ থাকে কেৰালাত ৷ ভাতৃয়ে কাম কৰি যি দুই পইছা পঠিয়াই সেইকনো মাতৃয়ে মুজাম্মিলৰ চিকিৎসাত লগায় ৷ কিন্তু কোনো সু-ফল নাপায় ৷
সম্প্ৰতি যুৱকজনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে যাৰ বাবে যুৱকজনে ঘৰলৈ অহা প্ৰত্যকজন লোককে মাৰপিট কৰে (Mentally ill son attacked people) ৷ মুঠতে ওচৰত যাকেই পাই তাকেই আক্ৰমণ কৰে ৷ আনকি তেওঁলোকৰ ঘৰত থকা ভাড়াতীয়া কেইটাকো অত্যাচাৰ কৰে যুৱকজনে ৷ অৱশেষত অত্যাচাৰৰ সীমা চেৰাই গৈ এই ভাড়াতীয়া আমেনা খাতুনৰ স্বামীৰ জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল ই ৰিস্কাখনো ভাঙি পেলাইছে যুৱকজনে । যাৰ বাবে মাতৃৰ লগতে ৰাইজে যুৱকজনক ৰচিৰে হাতি বান্ধি এটা খুটাত বান্ধি ৰাখিব লগীয়া হৈছে । সম্প্ৰতি যুৱকজনৰ এনে আচৰণত সমগ্ৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ।
আনহাতে অতি দৰিদ্ৰ মাতৃ মঞ্জুৱাৰা বেগমে টিউচন আৰু ঘৰভাৰা দি জীৱন নিৰ্বাহ কৰাৰ লগতে পুত্ৰৰ চিকিৎসা খৰচ ব্যয় কৰিবলৈ সক্ষম নোহোৱাত সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক ৰূপক শৰ্মাক পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় ।
যি সময়ত কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰৰ আয়ুষ্মান ভাৰত, অটল অমৃত যোজনা লগতে বহুতো বেমাৰৰ পৰা দুখীয়া ৰাইজ উপকৃত হ’ব পৰা ইটোৰ পিছত সিটো চৰকাৰী আঁচনি গ্ৰহণ কৰি আছে তেনে সময়ত এগৰাকী বিধৱা মহিলাই নিজৰ পুত্ৰৰ চিকিৎসাৰ বাবে হাবাথুৰি খাব লগীয়া ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে । স্মৰণীয় যে বৰ্তমান যুৱকজনৰ এনে অৱস্থা হোৱাত স্থানীয় ৰাইজেও যুৱকজনৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই ।
লগতে পঢ়ক: Suicide case in Assam: ৮ মাহত ৰাজ্যত ৭২১ গৰাকী লোকে বাচি ল'লে আত্মহত্যাৰ পথ