নগাঁও,১০ ছেপ্টেম্বৰ: প্ৰৱঞ্চনাৰে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা প্ৰায় কোটি টকা আত্মসাৎ কৰি এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে পলায়ন কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত(Businessman cheats businessman) । নগাঁও চহৰৰ মাৰোৱাৰী পট্টিৰ এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা গেলামাল দোকানৰ সামগ্ৰী ক্ৰয় কৰাৰ পিছত ক্ষুদ্ৰ ব্যৱসায়ীসকলক দিয়া নাই সামগ্ৰীৰ ধন(Crores of rupees embezzled from small traders) ।
সামগ্ৰীৰ বাবদ প্ৰাপ্য ধন বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল । বিগত কিছুদিন ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সামগ্ৰী ক্ৰয় কৰা অনা অসমীয়া ব্যৱসায়ীজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল । একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি অনা অসমীয়া ব্যৱসায়ীজনে পৰিয়ালসহ নগাঁও এৰি পলায়ন কৰিছে(Fraud businessman in Nagaon) ।
অভিযোগ অনুসৰি অনা অসমীয়া ব্যৱসায়ীজনে ক্ষুদ্ৰ ব্যৱসায়ীৰ প্ৰায় কোটি টকা আত্মসাৎ কৰি নগাঁৱৰ পৰা পলায়ন কৰিছে । উপায়ন্তৰ হৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীক ইতিমধ্যেই অৱগত কৰিছে । আৰক্ষীয়েও বিষয়টো তদন্ত কৰাৰ আশ্বাস দিয়া বুলি জনাইছে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীয়ে ।
ক্ষুদ্ৰ ব্যৱসায়ীৰ টকা আত্মসাৎ কৰি পলায়ন কৰা অনা অসমীয়া ব্যৱসায়ীজনৰ সন্ধান আৰক্ষীয়ে উলিয়াব পাৰে নে নাই সেয়া সময়তহে লক্ষণীয় হ'ব । ক্ষুদ্ৰ ব্যৱসায়ীৰ ধন আত্মসাৎ কৰি এজন অনা অসমীয়া ব্যৱসায়ীয়ে পলায়ন কৰা ঘটনাই স্থানীয় ব্যৱসায়ীসকলৰ মাজতো সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।