নগাঁও,18 মে’: সোমবাৰে বিজেপি বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নতুনকৈ স্থাপন কৰা ক’ভিড চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ ৭০ খন বিচনাযুক্ত এই ক'ভিড চিকিৎসা কেন্দ্ৰত বিশেষকৈ ক'ভিড আক্ৰান্ত মহিলা ৰোগীসকল চিকিৎসাধীন হৈ থাকিব পাৰিব । গুৰুতৰভাৱে অসুস্থ নোহোৱা ক'ভিড আক্ৰান্ত মহিলা ৰোগীসকলে এই ক'ভিড চিকিৎসা কেন্দ্ৰত সকলো ধৰণৰ সুবিধা লাভ কৰিব ।
বিধায়ক শৰ্মাই ক'ভিড চিকিৎসা কেন্দ্ৰটো স্থাপনৰ বাবে সুবিধা কৰি দিয়াৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনৰ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়়ক: ক’ভিড আক্ৰান্ত মাতৃ, দুগ্ধপান কৰা শিশুৰ বাবে ৰনিতা শৰ্মাৰ বিশেষ পদক্ষেপ