ETV Bharat / state

বটদ্ৰৱাত এদিনত তিনিটা পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

author img

By

Published : Jun 1, 2020, 5:06 PM IST

বটদ্ৰৱাত একে দিনাই তিনিটা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। অসম দৰ্শন আঁচনিৰ অধীনতে এই আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী পথ সমূহ উন্নীতকৰণৰ কৰি থান খনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে বিধায়িকা গৰাকীয়ে ।

বটদ্ৰৱা
বটদ্ৰৱাত এদিনত তিনিটা পথৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতাৰ

বটদ্ৰৱা, ১ জুন: ৰাজ্যত অব্যাহত থকা লক ডাউনৰ বাবেই স্থবিৰ হৈ পৰিছে উন্নয়নৰ ধাৰা । কিন্তু চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ অন্তত অৰ্থাৎ আনলকৰ প্ৰথম দিনাই তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গ'ল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক । অসম দৰ্শন আঁচনিৰ অধীনত একেদিনাই আধাৰশিলা স্থাপন কৰিলে তিনিটাকৈ পথৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান সংযোগী পথ সমূহ উন্নীতকৰণৰ কৰি থান খনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰয়াসেৰে পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে ।

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ পৰা শলগুৰি সত্রহৈ বটদ্ৰৱা থান সংযোগী পথ,বটদ্ৰৱা জামতল (কৰদৈগুড়ি) পৰা বটদ্রৱা থান সংযোগী দুটি পথৰ উপৰি ঐতিহ্যমণ্ডিত গৌৰীনাথ শিৱমন্দিৰ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই । গৌৰীনাথ শিৱমন্দিৰ সংযোগী পথৰ ৪৯.৮০ লাখ,বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় সংযোগী পথৰ ১০৬.২৮, জামতল সংযোগী পথৰ ১০৭.৯০ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া তিনিওটা গুৰুত্বপূৰ্ণ পথৰ সোমবাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে । মহাপুৰুষ গুৰুজনাৰ জন্মস্থানক সৰ্বাংগসুন্দৰ কৰাৰ উদ্দেশ্যেৰে লক ডাউন ৫ অৰ্থাৎ আনলকৰ প্ৰথম দিনাই বিধায়িকা গৰাকীয়ে পথৰ আধাৰশিলা স্থাপন কৰে ।

ইফালে ৰাজ্যত সংঘটিত নৃশংস গণপ্ৰহাৰত দুগৰাকীকৈ নিৰীহ লোকৰ মৃত্যু হোৱাত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিধায়িকা গৰাকীয়ে । লগতে বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যৰ সন্দৰ্ভতো বিধায়িকা গৰাকীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে চাওকঃ বৰপেটা মইনবৰীত শ্লুইছ গেট নিৰ্মাণত ব্যাপক দুৰ্নীতি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.