নগাঁও,18 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ মাজতে বুধবাৰে মাজনিশা ক্ৰিকেট খেলি চমক সৃষ্টি কৰাৰ প্ৰয়াস বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ৷ নিৰ্বাচনী ব্যস্ততাৰ মাজতে বৃহস্পতিবাৰে মাজ নিশা 12.30 বজাত বটদ্ৰৱা সমষ্টিৰ কদমনিত কেইবাহাজাৰ দৰ্শকৰ উপস্থিতিত ক্ৰিকেট খেলি দৰ্শকক আমোদ দিলে বিধায়িকা গৰাকীয়ে । ওৰেটো দিন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ পাচতো এনেদৰে নিশা ক্ৰিকেট খেলাৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে বিধায়িকা গৰাকীয়ে ৷
কদমনি আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা নৈশ ক্ৰিকেট খেলখন উদ্বোধন কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই । ইফালে বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকা খেলত উপস্থিত হৈ অভিনেতা নয়ন নিৰ্বানৰ বল কোবাই পাৰ কৰে বাউণ্ডেৰী ৷
উল্লেখ্য যে,এই ক্ৰিকেট খেলৰ সমানে সমানে বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনী যুঁজখন হৈ পৰিছে অতিকৈ আকৰ্ষণীয় ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে আমগুৰি অগপত খহনীয়া