ETV Bharat / state

Minor Girl Kidnapped, টিউশ্যন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল কিশোৰী

author img

By

Published : Aug 12, 2022, 10:14 PM IST

Updated : Aug 13, 2022, 11:13 AM IST

"মোৰ একমাত্ৰ ছোৱালীজনী উদ্ধাৰ কৰক ৷ মোৰ ছোৱালীজনী বহুত সহজ সৰল ৷ মোৰ ছোৱালীক মই এতিয়াও ভাত খুৱাই দিও ৷ মোৰ ছোৱালীক মোক ঘূৰাই লাগে ৷ তাইক টিউশ্যন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে ৷ আমি থানাত অপহৰণৰ গোচৰ ৰুজুও কৰিছিলো ৷ আমাক আজিলৈ কেছ নম্বৰো নিদিলে ৷" কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ (Minor Girl Kidnapped at Kampur)৷

Minor Girl Kidnapped at Kampur
টিউশ্যন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল কিশোৰী

কামপুৰ, 12 আগষ্ট: "মোৰ একমাত্ৰ ছোৱালীজনী উদ্ধাৰ কৰক ৷ মোৰ ছোৱালীজনী বহুত সহজ সৰল ৷ মোৰ ছোৱালীক মই এতিয়াও ভাত খুৱাই দিও ৷ মোৰ ছোৱালীক মোক ঘূৰাই লাগে ৷ তাইক টিউশ্যন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে ৷ আমি থানাত অপহৰণৰ গোচৰ ৰুজুও কৰিছিলো ৷ আমাক আজিলৈ কেছ নম্বৰো নিদিলে ৷ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো মোৰ ছোৱালীজনীক ঘূৰাই লাগে ৷" কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ ৷ হয়, কামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড ৷ টিউশ্যন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ কিশোৰী ঘূৰি নাহিল ঘৰলৈ (Minor Girl Kidnapped at Kampur)৷

ঘটনা অনুসৰি যোৱা দেওবাৰে বিয়লি সুস্মিতা দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে প্ৰতিদিনৰ দৰেই টিউশ্যনলৈ গৈছিল ৷ তাৰ পিছতেই টিউশ্যন যোৱাৰ পথতে একে গাঁৱৰে অজিত লৌকা নামৰ এজন যুৱকে ৰজাগাঁৱৰ পৰা বলপূৰ্বকভাৱে এখন গাড়ীত উঠাই লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে (Minor Girl missing at Kampur)৷ কিশোৰীগৰাকী সময়মতে ঘৰলৈ নহাত চিন্তিত হৈ পৰে মাতৃ ৷

কিশোৰীগৰাকীৰ মাতৃয়ে এই কথা পিতৃক ফোনযোগে অৱগত কৰি সুস্মিতাক বিচাৰিবলৈ কয় ৷ লগে লগে পত্নীৰ কথা অনুসৰি পিতৃয়ে সুস্মিতাৰ বন্ধু-বান্ধৱীসহ সকলোকে কন্যাৰ কথা সোধে যদিও কোনোৱে একো কব নোৱাৰিলে ৷ উপায়ন্তৰ হৈ নিশা 8 বজাত কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অপহৰণৰ সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

ইফালে আৰক্ষীয়ে এই ঘটনাক লৈ কোনোধৰণৰ বিচাৰ খোচাৰ নকৰা বুলি অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ আনকি এতিয়ালৈ কেছ নম্বৰো লাভ নকৰিলে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ অৱশেষত সংবাদমাধ্যমৰ আগত নিজ কন্যাক বিচাৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুয়ো কাতৰ অনুৰোধ জনাইছে ৷

উল্লেখ্য যে শেহতীয়াকৈ অপহৰণ কৰা যুৱকজনে কিশোৰী গৰাকীৰ পিতৃক ফোনযোগে আৰক্ষী আৰু সংবাদ মাধ্যমক বিষয়টো অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰিছে ৷ আৰক্ষীয়ে যুৱক জনৰ ফোনৰ লোকেশ্যন ট্ৰেক কৰি বৰ্তমান অপহৰণ কৰা যুৱকজন হাইদৰাবাদত থকা বুলি জানিবলৈ দিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Man-Elephant conflict: বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

Last Updated : Aug 13, 2022, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.