ETV Bharat / state

বাজেটত স্থান পাব অসম সমবায় মৰাপাট কলৰ উন্নয়নৰ প্ৰসংগই : মন্ত্ৰী ৰিহণ দৈমাৰী - ভলাগুৰি সমবায় সমিতি

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কলিয়াবৰত মন্ত্ৰী ৰিহণ দৈমাৰী ৷ পৰিদৰ্শন কৰিলে অসম সমবায় মৰাপাট কলৰ লগতে ৰাজ‍্যৰ পুৰণি সমবায় সমিতি ভলাগুৰি সমবায় সমিতিৰ কাৰ্যালয় ৷

কলিয়াবৰত মন্ত্ৰী ৰিহণ দৈমাৰী
author img

By

Published : Jun 18, 2019, 11:44 PM IST

কলিয়াবৰ, 18 জুন : অহা বিত্তীয় বৰ্ষৰ বাজেটত স্থান পাব অসম সমবায় মৰাপাট কলৰ উন্নয়নৰ প্ৰসংগই ৷ মঙলবাৰে অসম সমবায় মৰাপাট কল, শিলঘাট পৰিদৰ্শন কৰি এই মন্তব্য কৰে সমবায় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ অসমৰ উদ‍্যোগসমূহৰ দুৰৱস্থাৰ সময়ত গৌৰৱেৰে মূৰ তুলি থকা সমবায় ভিত্তিত প্ৰতিষ্ঠা হোৱা অসম সমবায় মৰাপাট কল উদ্যোগটো পৰিদৰ্শন কৰি কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে সমবায় কলটোৰ অংশীদাৰ, বিষয়-ববীয়া তথা বিষয়া কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হয় ৷ য'ত কলটোৰ বিভিন্ন সমস্যাৰ লগতে ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে গুৰুত্বসহকাৰে আলোচনা কৰা হয় । বছৰ-বছৰ ধৰি কলটোত ব্যৱহাৰ হৈ থকা যন্ত্ৰসমূহ সলনি কৰি অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি উৎপাদন বঢ়োৱাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি কল পৰিচালনা কৰ্তৃপক্ষক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

কলিয়াবৰত মন্ত্ৰী ৰিহণ দৈমাৰী

ইপিনে আজিৰ দিনটোতে শতবৰ্ষ গৰকিবলৈ আগবঢ়া ৰাজ‍্যৰ পুৰণি সমবায় সমিতি ভলাগুৰি সমবায় সমিতিৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ স্থানীয় বিধায়কক লগত লৈ মন্ত্ৰীগৰাকীয়ে সমবায় সমিতিৰ কাৰ্যালয় পৰিদৰ্শন কৰি শতবৰ্ষ অনুষ্ঠানত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি সমিতিখনৰ বিষয়-ববীয়াক প্ৰতিশ্ৰুতি দিয়ে ।

Intro:"অহা বিত্তীয় বৰ্ষৰ বাজেটত অসম সমবায় মৰাপাট কলৰ উন্নয়নে প্ৰাথমিকতা পাব।"
– সমবায় মন্ত্ৰী দৈমাৰী

সমবায় মন্ত্ৰী ৰিহন দৈমাৰীৰ অসম সমবায় মৰাপাট কল, শিলঘাট পৰিদৰ্শন

চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাসBody:অসমৰ উদ‍্যোগসমূহৰ দুৰৱস্থাৰ সময়ত গৌৰৱেৰে শিৰ উন্নত কৰি থকা উদ‍্যোগটো হ'ল নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটত সমবায় ভিত্তিত প্ৰতিষ্ঠা হোৱা অসম সমবায় মৰাপাট কল।

জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় দপ্তৰৰ মন্ত্ৰী ৰিহণ দৈমাৰী কলিয়াবৰত উপস্থিত হৈ মঙ্গলবাৰে অসম চৰকাৰৰ সমবায় দপ্তৰৰ মন্ত্ৰীয়ে অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে। ৰাজ‍্যত সমবায় ভিত্তিত লাভজনক উদ‍্যোগ বুলি চিহ্নিত সমবায় কলটোত উপস্থিত হৈ কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে সমবায় কলটোৰ অংশীদাৰ, বিষয়-ববীয়া তথা বিষয়া কৰ্মচাৰীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা কালত কলটোৰ বিভিন্ন সমস‍্যাৰ লগতে ভৱিষ‍্যতৰ কাৰ্য‍্যপন্থাৰ বিষয়ে গুৰুত্বসহকাৰে আলোচনা হয়। আলোচনা কালত স্থানীয় বিধায়ক, মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলটোৰ যাৱতীয় কাৰ্য‍্যপন্থা, অভাৱ-অভিযোগসমূহ অৱগত কৰে পৰিচালন সঞ্চালক গুণমণি গগৈয়ে। মন্ত্ৰীগৰাকীয়ে বছৰ-বছৰ ধৰি ব‍্যৱহাৰ হৈ থকা যন্ত্ৰসমূহ সলনি কৰি অত‍্যাধুনিক যন্ত্ৰ ব‍্যৱহাৰ কৰি উৎপাদন বঢ়োৱাৰ বাবে চৰকাৰে ব‍্যৱস্থা ল'ব বুলি কল পৰিচালনা কৰ্তৃপক্ষক আশ্বাস দিয়ে।

ৰাজ্যৰ শ্ৰেষ্ঠ সমবায় সমিতি হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় বিভাগৰ পৰা এই স্বীকৃতি লাভ কৰা অসম সমবায় মৰাপাট কলে ১৯৭১ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে উৎপাদন আৰম্ভ কৰিছিল। নগাঁও জিলাৰ শিলঘাটত স্থাপিত অসম সমবায় মৰাপাট কলে দেশৰ ভিতৰতে সমবায় খণ্ডত স্থাপিত একমাত্ৰ লাভজনক সমবায় উদ্যোগ। বিগত কেইবাবছৰ ধৰি ৰাজ্য চৰকাৰৰ অধীনস্থ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ তালিকাভুক্ত হ'বলৈ সক্ষম হৈ আহিছে শিলঘাটৰ এই মৰাপাট কলটিয়ে।
মঙ্গলবাৰে স্থানীয় বিধায়ক তথা ৰাজ‍্য জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ অসম সমবায় মৰাপাট কলটি পৰিদৰ্শন কৰি কলটোৰ বৰ্তমানৰ অৱস্থা আৰু বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাত কলিয়াবৰৰ স্থানীয় ৰাইজ আনন্দিত হৈ পৰিছে। কিয়নো বছৰ-বছৰ ধৰি অসমৰ সমবায় মন্ত্ৰীয়ে সমবায় খণ্ডৰ লাভজনক উদ‍্যোগটো পৰিদৰ্শন কৰাৰ কোনো নজিৰ নাই।

উক্ত মৰাপাট উদ্যোগটোৰ উন্নয়নৰ নামত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা ৩২.৭২ কোটি টকাৰ এক বৃহৎ ঋণ আদায়ৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱাৰ লগতে প্ৰস্তাৱ প্ৰেৰণ কৰি শেহতীয়াকৈ ইয়াৰ অনুমোদনো লাভ কৰিছিল। অৱশ‍্যে, বিশেষ এক বনিক গোষ্ঠীৰ লগতে ৰাজনৈতিক নেতাৰ মুনাফাৰ স্বাৰ্থত বৰ্তমানে চলি থকা কলটোৰ উন্নয়নৰ পৰিৱৰ্তে কলিয়াবৰৰ বিহডুবিত ইতিপূৰ্বে স্থাপন কৰাৰ পাছতেই বন্ধ হোৱা শক্তিচালিত বয়ন উদ্যোগটোৰ উন্নয়নতহে এই ধন ব্যয় কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ উঠিছিল। চৰকাৰৰ এনে স্থিতিত অতি স্বাভাৱিকতেই দেহে-কেহে খাটি প্ৰায় ৪৫ বছৰে জীয়াই ৰখা শিলঘাটৰ সমবায় মৰাপাট কলটোৰ কৰ্মচাৰীৰ লগতে উক্ত কলটো স্থাপনৰ বাবে বৰঙণি দিয়া নগাঁও আৰু শোণিতপুৰৰ ৰাইজৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

এনে অভিযোগৰ পিচত ৰাজ‍্যৰ সমবায় মন্ত্ৰীগৰাকীৰ কল পৰিদৰ্শন আৰু উন্নয়নৰ আশ্বাসে বিশেষ তাৎপৰ্য‍্য বহন কৰিছে। উল্লেখযোগ‍্য যে, ১ কোটি ৫০ লাখ বাজেটেৰে প্ৰতিষ্ঠা হোৱা অসম সমবায় মৰাপাট কল (পৰিসীমিত)ই ১৯৮৪ চনৰ মাৰ্চ মাহত পৰ্বতসম ঋণৰ বোজা বহন কৰিব নোৱাৰি কলটোৰ উৎপাদন বন্ধ হৈ পৰে। অসম চক্তিৰ আধাৰত ৪ কোটি ৫৮ লাখ টকা ঘাটি পূৰাবৰ বাবে ২ কোটি ৪০ লাখ ৬০ হাজাৰ টকা অনুদান হিচাবে পোৱাত ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুণৰ কাৰ্য‍্যক্ষম হৈ উঠে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.