ETV Bharat / state

Student Felicitated at Kaliabor: শিশু বিদ‍্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অভিনন্দন অনুষ্ঠান - Felicitation at Shishu Vidyapeeth School

কলিয়াবৰত ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান । শিশু বিদ‍্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উচ্চতৰ শাখা মুকলি (Shishu Vidyapeeth Senior Secondary School)।

Shishu Vidyapeeth Senior Secondary School
কলিয়াবৰত ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
author img

By

Published : Jun 4, 2023, 3:51 PM IST

কলিয়াবৰত ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

কলিয়াবৰ, ৪ জুন: শিশু বিদ‍্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত অভিনন্দন অনুষ্ঠান সম্পন্ন (Felicitation at Shishu Vidyapeeth School)। বেচৰকাৰী খণ্ডত গঢ়ি উঠা শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোল হৈছে কলিয়াবৰৰ এক অগ্ৰণী শিক্ষানুষ্ঠান । সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উৰ্ত্তীণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ৮৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি এক বিশেষ অনুষ্ঠানত অভিনন্দন জনোৱা হয় ।

ইয়াৰ পূৰ্বে বিদ্যালয়খনত চলিত বৰ্ষত প্ৰথমবাৰৰ পৰা আৰম্ভ কৰিবলৈ লোৱা একাদশ শ্ৰেণীৰ কলা আৰু বিজ্ঞান শাখাৰ পাঠদানৰ শুভাৰম্ভ কৰা হয় (Meritorious students Felicitated at Kaliabor)। আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকাই ।

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক, সাহিত্যিক উপেন্দ্ৰ বৰকটকী আৰু কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ্যপে । ভাষণ প্ৰসংগত সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে বৰেণ্য সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ উদ্ধৃতি দি কয়, "চিন্তাৰ বিকাশ নহ'লে জ্ঞান নহয় ।" সেয়ে, বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীসকলক চিন্তাৰ বিকাশ ঘটাবলৈ আহ্বান জনায় । তেওঁ লগতে ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায় ।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত নিৰ্বাচনী বিষয়া ড৹ ভূপালী কাশ্যপৰ লগতে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা আদিয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় ।

বিশিষ্ট লেখিকা সুৱৰ্ণলতা মহন্ত, জিলা পৰিষদৰ সভানেত্ৰী মুনমুনী দাস, কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা, টংকেশ্বৰ মহন্ত, প্ৰাক্তন অধ্যক্ষ হিমেন ভূঞা আদি বিশিষ্ট ব‍্যক্তিসকলে অংশ লোৱা সভাত চলিত বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলিয়বৰ মহকুমাৰ ভিতৰত ৯৭ শতাংশ নম্বৰৰে শীৰ্ষ স্থান দখল কৰা উক্ত বিদ্যালয়ৰ ছাত্ৰী অৰ্হনা বৰকটকীক শিক্ষাবিদ ৰেৱন চন্দ্ৰ নাথ স্মৃতি বঁটা আৰু সুস্মিতা ভূঞা স্মৃতি বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:Poor electricity connection : টকা নিদিয়াৰ বাবে গাঁৱত নাই বিদ্যুতৰ খুঁটা; বিপদসংকুলভাৱে ওলমিছে বৈদ্যুতিক তাঁৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.