ETV Bharat / state

বন বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

author img

By

Published : Jan 9, 2021, 5:50 PM IST

বন বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ ৷ বান্ধ নিৰ্মাণৰ কামত বন বিভাগে বিধি-পথালি দিয়াৰ অভিযোগ ৰাইজৰ ৷ বিষয় সন্দৰ্ভত জলসম্পদ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে ৷

massive-protest-in-nagaon
বন বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

কলিয়াবৰ, 9 জানুৱাৰী : জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰৰ খহনীয়া আক্ৰান্ত বৰঘূলীত চলি থকা কোটি টকীয়া জিঅ'বেগ বান্ধৰ কামত বিধি-পথালি বন বিভাগৰ । এই অভিযোগ বৰঘূলীবাসীৰ । যাৰ বাবে শনিবাবে উত্তপ্ত হৈ পৰে কলিয়াবৰৰ বৰঘূলী অঞ্চল । জিঅ'বেগৰ গাইড বান্ধৰ স্থানত সমবেত হৈ বন বিভাগৰ কাৰ্য‍ৰ বিৰুদ্ধে প্ৰতিবাদ সাব‍্যস্ত কৰে বৰঘূলীবাসীয়ে ।

বন বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

শুকুৰবাৰে বন বিভাগে মহাবাহুৰ বুকুৰ পৰা জিঅ'বেগত ভৰাবৰ বাবে বালি উঠোৱা বন্ধ কৰি স্থবিৰ কৰে জিঅ' বেগৰ কাম। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে এই কাৰ্যত খৰ্গহস্ত হৈ পৰে আৰু বিষয়টোত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

massive-protest-in-nagaon
জিঅ'বেগ বান্ধৰ কামত বিধি-পথালি বন বিভাগৰ

উল্লেখ্য যে,বান-গৰাখহনীয়াৰ পৰা অঞ্চলটোৰ সুৰক্ষাৰ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘৰ জিঅ' গাইড বান্ধৰ কাম অব্যাহত বৰঘূলীত । বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰাৰ বাবে দিনে-নিশাই ব্যস্ত জলসম্পদ বিভাগ । কিন্তু বন বিভাগে বিধি-পথালি দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ইয়াৰ পূৰ্বেও বন বিভাগে পূৰ্বে অঞ্চলটোৰ ৰাইজৰ নিজ পট্টাৰ মাটিৰ পৰা জলসম্পদ বিভাগে বালি আহৰণ কৰা কাৰ্যক অবৈধ বুলি দাবী কৰি বন্ধ কৰিছে জল সম্পদ বিভাগৰ জিঅ' বেগ গাইড-বান্ধৰ কাম । যাৰ বাবে স্থানীয় ৰাইজে শীঘ্ৰে বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপ বিচাৰিছে বান্ধৰ কামত ।

লগতে পঢ়ক : আছুক অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰখাৰ আহ্বান বিধায়ক সত্যব্ৰত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.