নগাঁও, 15 ডিচেম্বৰ: নগাঁৱৰ ম'হখুলিত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ নেকিবুৰ ৰহমান নামৰ এগৰাকী লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো । নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নেকিবুৰৰ বাসগৃহটো । অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় প্ৰায় সাত লক্ষধিক টকাৰ সম্পত্তি ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অৱশ্যে অগ্নিকাণ্ড কেনেদৰে সংঘটিত হ’ল সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ৷
![নগাঁৱৰ ম'হখুলিত বিধ্বংসী অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-15dec-fire-image-7203829_15122020135309_1512f_1608020589_374.jpg)
লগতে পঢ়ক: প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত 5 পুত্ৰই আগবঢ়ালে এম্বুলেঞ্চ