ETV Bharat / state

দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা বটদ্ৰৱাৰ মানসী বৰুৱা - batadrava

ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ ৷

দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা বটদ্ৰৱাৰ মানসী বৰুৱা
author img

By

Published : May 27, 2019, 11:05 AM IST

বটদ্ৰৱা , 27 মে': দৰিদ্ৰতাক নেওচি 90 শতাংশৰে বটদ্ৰৱাত উজলিল খেতিয়কৰ জীয়ৰী মানসী বৰুৱা ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ নিবাসী পৰাণ বৰুৱা আৰু চাৰু বৰুৱাৰ কন্যা মানসী বৰুৱা ৷

শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে মেধাৱী ছাত্ৰী মানসীয়ে ৷ শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰী গৰাকীয়ে ৷ বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্বমুঠ 447 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে ৷ লগতে তৰ্ক আৰু দৰ্শন বিষয়ত 100ৰ ভিতৰত 100 নম্বৰৰ লাভ কৰে মানসীয়ে ৷ উল্লেখ্য যে, মানসীৰ দেউতাক এজন খেতিয়ক ৷ লোকৰ মাটিত খেতি কৰি দুবেলা দুমুঠি খোৱাৰ বাবে যোগাৰ কৰে মানসীৰ দেউতাকে ৷ পঢ়া শুনা কৰিবলৈ ঘৰত মাত্ৰ এখন টেবুল‌ আছিল, য'ত 2 গৰাকী বাই-ভনীয়ে একেলগে পঢ়িব লগীয়া হৈছিল ৷ সকলো ধৰণৰ কাম-কাজত সহায় কৰাৰ সমানে অধ্যয়নকাৰ্যও চলাই যোৱা মানসীয়ে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা ৷ আনকি অধ্যয়নৰ বাবে নাছিল নিজা কিতাপ পত্ৰ ৷ বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কিতাপ পত্ৰ যোগাৰ ধৰি পঢ়াইছিল মানসীক ৷ এনেদৰেই পঢ়ি মানসীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 90 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান মানসীৰ ফলাফলত পৰিয়ালটোৰ ওপৰত যেন শৰগ ভাগি পৰিছে ৷ কিয়নো উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত আৰ্থিক ভাৱে দুৰ্বল মানসীৰ খেতিয়ক দেউতাক সক্ষম নহয় ৷ দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত ৷ সেয়ে বটদ্ৰৱাবাসী ৰাইজৰ লগতে বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে , মানসীৰ উচ্চ শিক্ষা গ্ৰহণত সহায় সহযোগিতা আগবঢ়াবলৈ কোনো সুহৃদয়বান ব্যক্তি তথা চৰকাৰলৈ আহ্বান জনায় ৷

Intro:দৰিদ্ৰতাক নেওচি ৯০%শতাংশৰে উজ্বলিল বটদ্ৰৱাৰ খেতিয়কৰ জীয়ৰী মানসী বৰুৱা । শিক্ষয়িত্রী হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ।
Body:বটদ্ৰৱাত উজ্বলিল খেতিয়কৰ জীয়ৰী মানসী । দৰিদ্ৰতাই কোঙা কৰিব নোৱাৰা এগৰাকী ছাত্ৰ। নাম মানসী বৰুৱা । নগাঁও জিলাৰ বটদ্ৰবাৰ নিবাসী পৰান বৰুৱা আৰু চাৰু বৰুৱাৰ জীয়ৰী মানসী । শিক্ষাৰ আহৰণৰ ক্ষেত্ৰত আৰ্থিক দীনতা যে কোনো কাৰণতে হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰবাৰ প্ৰমাণ কৰিলে এই মেধা ছাত্ৰী গৰাকীয়ে। শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে কৃতী ছাত্ৰী গৰাকীয়ে । বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ ছয়োটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সৰ্ববমুঠ ৪৪৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীয়ে। লগতে তৰ্ক আৰু দৰ্শন বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰৰ লাভ কৰিবলৈ সক্ষম হৈছে মানসীয়ে । উল্লেখ্য যে মানসী দেউতাক এজন খতিয়ক। লোকৰ মাতিত খেতি কৰি দুবেলা দুমুঠি খোৱাৰ বাবে যোগাৰ কৰি পৰিয়ালটো বহু কষ্টৰে পোহপাল দি মানসীক পঢ়ুৱাওব লগীয়া হৈছিল । পঢ়া শুনা কৰিবলৈ ঘৰত মাত্ৰ এখন টেবুল‌ই আছিল।যত ২গৰাকী বাই ভনীয়ে একেলগে পঢ়িব লগা হৈছিল । এনেদৰেই পঢ়ি মানসীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯০% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মানসীৰ পিতৃয়ে উপাৰ্জন কৰা ধনে যেনেতেনে পোহপাল দি আছে ৫ জনীয়া পৰিয়ালটো। সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজত সহায় কৰাৰ সমানে সমানে অধ্যয়নকাৰ্যও চলাই যোৱা মানসীয়ে পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। আনকি অধ্যয়নৰ বাবে নাছিল নিজা কিতাপ পত্ৰ। বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্রীয়ে কিতাপ পত্ৰ যোগাৰ ধৰি পঢ়াইছিল মানসীক ৷ ভবিষ্যতে সফল শিক্ষয়িত্রী হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ ।বৰ্তমান মানসীৰ ফলাফলত পৰিয়ালটোৰ মোৰত যে শৰগ ভাগি পৰিছে । কাৰন উচ্চ শিক্ষা আহৰণৰ ক্ষেত্ৰত আৰ্থিক অভাৱৰ বাবে মানসীৰ খেতিয়ক দেউতাক নহয় সক্ষম । দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত। সেইহে উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীগৰাকীক সহায় সহযোগীতা আগবঢ়াবলৈ সুহৃদয়বান ব্যাক্তি তথা চৰকাৰলৈ আহ্বান জনাইছে বটদ্ৰৱাবাসী ৰাইজৰ লগতে বৰদোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্রী সকলে ।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.