ETV Bharat / state

দলঙৰ খুঁটা নিৰ্মাণৰ বাবে খন্দা গাঁতত পৰি মটৰচাইকেল আৰোহীৰ মৃত্যু

author img

By

Published : Mar 14, 2021, 11:45 AM IST

নগাঁৱত শোকাৱহ ঘটনা ৷ পকী দলঙৰ খুঁটা নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত পৰি মৃত্যু মটৰচাইকেল আৰোহীৰ ৷ নগাঁৱৰ ASTC বাছ আস্থানৰ সমীপৰ কলঙৰ ওপৰত নিৰ্মাণৰত পকী দলঙত পৰি লোকজনৰ মৃত্যু ৷

man died in nagaon after falling into bridge construction site
দলঙৰ খুঁটা নিৰ্মাণৰ বাবে খন্দা গাঁতত পৰি মটৰচাইকেল আৰোহীৰ মৃত্যু

নগাঁও, 14 মাৰ্চ: পকী দলঙৰ খুঁটা নিৰ্মাণৰ বাবে খান্দি থোৱা গাঁতত পৰি নগাঁৱত এগৰাকী মটৰচাইকেল আৰোহীয়ে কৰুণভাৱে মৃত্যুক সাৱটি ল'ব লগীয়া হোৱাৰ এক ঘটনাই অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে ৷ নগাঁৱৰ ASTC বাছ আস্থানৰ সমীপৰ কলঙৰ ওপৰত নিৰ্মাণৰত পকী দলঙত পৰি লোকজনে মৃত্যুক আঁকোৱালি লয় ৷

নিশাৰ আন্ধাৰত গাঁতত পৰি লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ মৃত লোকজনক নয়ন কুমাৰ গোস্বামী বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে শিৱসাগৰৰ নিবাসী মৃত গোস্ৱামী নগাঁও চহৰৰ শিৱনগৰত ভাড়াতীয়া হিছাপে আছিল ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পুৱাৰ ভাগত দলঙৰ গাঁতত মটৰচাইকেল সহ এজন মানুহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে আৰক্ষীয়ে গাঁতটোৰ পৰা মৃত গোস্ৱামীৰ লগতে AS 02C-2732 নম্বৰৰ মটৰচাইকেল খন উদ্ধাৰ কৰে ৷

man died in nagaon after falling into bridge construction site
নগাঁৱৰ ASTC বাছ আস্থানৰ সমীপৰ কলঙৰ ওপৰত নিৰ্মাণৰত পকী দলঙত পৰি লোকজনৰ মৃত্যু

দলং নিৰ্মাণত নিয়োজিত ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কৰ্মকাণ্ডৰ বাবেই নয়ন কুমাৰ গোস্বামী নামৰ লোক জনৰ অকালতে মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ পকী পথৰ নিলগতে দলঙৰ খুঁটা নিৰ্মাণৰ বাবে ঠিকাদাৰে বৃহৎ আকাৰৰ গাঁত খান্দিছে যদিও পথ আৰু গাঁতটোৰ মাজৰ অংশত কোনো ধৰনৰ বেৰা আৰু সাংকেতিক চিহ্নৰ ব্যৱস্থা নকৰাৰ ফলতে নিশাৰ আন্ধাৰত একো উৱাদিহ নাপাই মটৰচাইকেল আৰোহীজনৰ গাঁতটোত পৰি মৃত্যু হোৱা বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: দুৰ্ঘটনাত আহত লোকক নিজৰ বাহনেৰে চিকিৎসালয়লৈ প্ৰেৰণ ৰাম প্ৰসাদ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.