নগাঁও, 30 নৱেম্বৰঃ নগাঁৱত উগ্ৰপন্থী সংগঠনৰ নাম লৈ ধন দাবী কৰি চামগুৰি আৰক্ষীৰ জালত পৰে এজন লোক ৷ ধৃত লোকজন চামগুৰিৰ বৰদলৰ শ্যামল তিৰ্কী বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত শ্যামলে একেখন গাঁৱৰে এগৰাকী মহিলাক ধন দাবী কৰিছিল বুলি মহিলা গৰাকীয়ে অভিযোগ কৰে ৷ তেওঁৰ অভিযোগ অনুসৰি কিছুদিন পূৰ্বে তেওঁলৈ অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিছিল আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত মহিলা গৰাকীক পঞ্চাছ হাজাৰ টকা আদায় দিবলৈ কোৱা হৈছিল ।
ইপিনে স্বামী বহিঃৰাজ্যত চাকৰি কৰি থকাৰ সময়ত এনে ধন দাবীৰ ফোন অহাৰ বাবে মহিলাগৰাকী আতংকিত হৈ পৰে ৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চপাত আৰক্ষীয়ে অনুসন্ধান চলাই সমগ্ৰ ঘটনা পোহৰলৈ আনে। আৰু ততাতৈয়াকৈ ঘটনাৰ অভিযুক্ত শ্যামল তিৰ্কীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়কঃএন আৰ চিৰ নামত ধন সংগ্ৰহ কৰি আটত তিনিজন