ETV Bharat / state

ৰহাত লুৰিণজ্যোতি গগৈক বিদায় জনালে আছুৱে - urinjyoti-gogoi-

সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ পিছতে শুক্ৰবাৰে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই বিদায় জনালে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক । ৰহা নতুন চাৰিআলিত অনুষ্ঠিত বিদায় সভাত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় কমিটীৰ কেইবাগৰাকীও বিষয়ববীয়া ।

লুৰিণজ্যোতি গগৈক বিদায় জনালে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই

author img

By

Published : Dec 4, 2020, 8:22 PM IST

ৰহা, ৪ ডিচেম্বৰ: 'অসমৰ জাতীয় জীৱনৰ গণ সংগ্ৰামৰ ধাৰাত শক্তিশালী সৈন্য হ'ব খোজো, স্বাভিমানী জাতিৰ সন্তান হ'ব খোজো। যাতে এই সন্তানক লৈ অসম মাতৃয়ে গৌৰৱ কৰিব পাৰে ।' শুক্ৰবাৰে ৰহাৰ নতুন চাৰিআলিত অনুষ্ঠিত বিদায় সভাত অংশগ্ৰহণ কৰি এই বক্তব্য আগবঢ়ায় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে । বৃহস্পতিবাৰে লুৰিণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয় ।

লুৰিণজ্যোতি গগৈক বিদায় জনালে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই

শুক্ৰবাৰে ৰহা আঞ্চলিক ছাত্ৰ সন্থাই এক বিদায় সভাৰ আয়োজন কৰি বিদায় জনায় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক । 'কা' আন্দোলনৰ অন্যতম নেতা তথা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী বিদায় বেলাত আবেগিক হৈ পৰে । আছুৰ মজিয়াৰ পৰা বিদায় ল'লেও সংগঠনটোৰ প্ৰতি থকা আবেগ, শ্ৰদ্ধা কেতিয়াও শেষ নহয় আৰু অসমীয়া জাতিৰ স্বাৰ্থত আজীৱন কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে লুৰিণজ্যোতি গগৈয়ে । আজিৰ বিদায় অনুষ্ঠানত কেন্দ্ৰীয় কমিটীৰ কেইবাজনো বিষয়ববীয়াৰ লগতে ৰহা আঞ্চলিকৰ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক:চিৰাঙত গণ সুৰক্ষা পাৰ্টীৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.