নগাঁও, ৩০ মাৰ্চঃঅসম চৰকাৰৰ কৃষি বিভাগৰ অন্তৰ্গত লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ বিৰুদ্ধে ধান ক্ৰয়ৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কামপুৰ-কঠিয়াতলী কেন্দ্ৰত কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত একাংশ মধ্যভোগীৰ বাবে কপালৰ ঘাম মাটিত পেলায় উৎপাদিত কৰা ধানৰ উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে বুলি অভিযোগ তুলিছেকৃষকসকলে।
অভিযোগ অনুসৰি লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ পূৰ্বে এখন ৰাজহুৱা জাননী প্ৰেৰণ কৰিব লাগে । কিন্তু এইবাৰ একাংশ মধ্যভোগীৰ লগত মিলিত হৈ নিয়ন্ত্ৰিত বজাৰ সমিতিখনে ধান ক্ৰয়ৰ পূৰ্বে কোনো ধৰণৰ ৰাজহুৱা জাননী নিদিয়াকৈ গোপনভাৱে ধান ক্ৰয় কৰাৰ অভিযোগ তুলিছে একাংশ কৃষকে ।
একাংশ কৃষকৰ অভিযোগ, প্ৰতিবছৰে নিয়ন্ত্ৰিত বজাৰ সমিতিয়ে জানুৱাৰী মাহতে কৃষকৰ পৰা ধান ক্ৰয় কৰে, কিন্তু চলিত বৰ্ষত মাৰ্চ মাহৰ শেষৰ ফালেহে ধান ক্ৰয় কৰা আৰম্ভ কৰে ।উল্লেখ্য যে ধান ক্ৰয়ৰ সময়ত পঞ্জীয়নভুক্ত শ্ৰমিকৰ পৰা নিবিদা আহ্বান কৰিব লাগে আৰু কৃষক ৰাইজক বেনাৰ প'ষ্টাৰৰ লগতে মাইক যোগেও জাননী দিব লাগে। কিন্তু এই সকলোবোৰ নিয়মক উলংঘা কৰি কঠিয়াতলী কেন্দ্ৰৰ পৰিদৰ্শকে মইমতালিৰে স্থানীয় কৃষকক বঞ্চিত কৰি গোপনে একাংশ বণিয়াৰ পৰা ধান ক্ৰয় কৰাৰ লগতে এচাম ভুৱা কৃষকক প্ৰমাণ পত্ৰ দি প্ৰতিখন পত্ৰৰ বিনিময়ত ৭-৮ হাজাৰ টকা লৈ ধান ক্ৰয় কৰাৰগুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ইফালে কঠিয়াতলী কেন্দ্ৰৰ পৰিদৰ্শকে কেন্দ্ৰটোৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে আৰু কোনো ধৰণৰ অনিয়ম নাই হোৱাবুলি জানিবলৈ দিছে ।