ETV Bharat / state

কলিয়াবৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

author img

By

Published : Jun 24, 2021, 8:05 PM IST

কলিয়াবৰত নিশা চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগৰ তীব্ৰ অভিযান ৷ জখলাবন্ধা আৰু শিলঘাট বন বিভাগে নিশা চলাই এই অভিযান । উক্ত অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷

illegal timber seized at Kaliabar
কলিয়াবৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

কলিয়াবৰ, 24 জুন : ৰাজ্যত অব্যাহত আছে বনাঞ্চল ধ্বংসকাৰী তথা চোৰাং কাঠ(Illegal Timber) ব্যৱসায়ৰ ৰমৰমীয়া বেহা । উল্লেখ্য যে, কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে(State Government) বলৱৎ কৰা সান্ধ্য আইনৰ সুযোগ লৈ একাংশ চোৰাং কাঠ(Illegal Timber) ব্যৱসায়ীয়ে মূল্যৱান গছ কাটি বন ধ্বংস কাৰ্য অব্যাহত ৰাখে । ইয়াৰ লগতে একাংশ অবৈধ কাঠফলা কল(Wooden mill) তো চলি আছে অবৈধভাৱে কাঠফলা কাৰ্য ৷

সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন বিভাগে(Forest Department) অভিযান চলাই অবৈধ কাঠসহ বৃহৎসংখ্যক কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আন প্ৰান্তৰ দৰে কলিয়াবৰৰ বনাঞ্চলসমূহতো বনধ্বংস যজ্ঞ অব্যাহত থকাত ইয়াৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী(Kaliabor police) আৰু শিলঘাট বন বিভাগ(Shilghat Forest Department) তৎপৰ হৈ পৰিছে ৷

কলিয়াবৰত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

কলিয়াবৰত বুধবাৰে নিশা চোৰাং কাঠ(Illegal Timber) সৰবৰাহকাৰীৰ বিৰুদ্ধে জখলাবন্ধা আৰু শিলঘাট বন বিভাগে(Forest Department) এক যুটীয়া অভিযান চলায় ৷

উক্ত অভিযানত বৃহৎ পৰিমাণৰ চোৰাং সৰবৰাহ কৰা কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ(Forest Department) । উল্লেখ্য যে, এক গোপন খবৰৰ ভিত্তিত বন বিভাগে(Forest Department) চলাইছিল এই অভিযান ৷ এই অভিযানৰ সম্ভেদ লাভ কৰি চোৰাং কাঠ(Illegal Timber) সৰবৰাহকাৰীয়ে জয়ন্তীপুৰ গাঁৱৰ সমীপতে কাঠ নমাই বাহনসহ পলায়ন কৰে । বন বিষয়াই সদৰী কৰা অনুসৰি জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব ।

লগতে পঢ়ক : বিদ্যুৎ যোগান নধৰাকৈ বিদ্যুতৰ বিল দিলে শক্তি বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.