ETV Bharat / state

শুকানজুৰিত 10 টাকৈ গো-ধনৰ মৃত্যু: বাগান কৰ্তৃপক্ষক ৫ দিনৰ সময়সীমা - পেছটিছাইত জাতীয় ঔষধ

১৮ টাকৈ বন্যহস্তীয়ে কিছু দিন পূৰ্বে কৰুণভাৱে মৃত্যুক সাৱতি লোৱাৰ পাচতে পুনৰ বুধবাৰে শুকানজুৰি বাগানত বহু সংখ্যক গৰুৱে সাৱতি ল’বলগীয়া হৈছিল অকাল মৃত্যু ৷ তাৰপাচতে বৃহস্পতিবাৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

large-number-of-cows-die-in-sukanjuri-tea-state-at-nagaon
শুকানজুৰিত 10 টাকৈ গো-ধনৰ মৃত্যু: বাগান কৰ্তৃপক্ষক ৫ দিনৰ সময়সীমা স্থানীয় লোকৰ
author img

By

Published : Jun 17, 2021, 10:31 PM IST

চামগুৰি,17 জুন: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত শুকানজুৰিত বুধবাৰে সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা ৷ ১৮ টাকৈ বন্যহস্তীয়ে কিছু দিন পূৰ্বে কৰুণ মৃত্যুক সাঁৱতি লোৱাৰ পাচতে বুধবাৰে পুনৰ শুকানজুৰি বাগানত বহু সংখ্যক গৰুৱে অকাল মৃত্যুক আকোঁৱালি ল’ব লগাত পৰিছিল ৷ উল্লেখযোগ্য যে, প্ৰাথমিক অনুসন্ধান অনুযায়ী বাগান কৰ্তৃপক্ষৰ অসচেতনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ বাগানখনত পেছটিছাইত জাতীয় ঔষধ দিয়াৰ ফলতেই বাগানত ঘাঁহ খাই বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিছিল পশুধনসমূহ ৷

শুকানজুৰিত 10 টাকৈ গো-ধনৰ মৃত্যু: বাগান কৰ্তৃপক্ষক ৫ দিনৰ সময়সীমা স্থানীয় লোকৰ

উল্লেখযোগ্য যে, নিজৰ গাঠিঁৰ ধন ভাঙি গোপালক সকলে মূৰৰ ঘাম মাটিত পেলাই ক্ৰয় কৰা গো ধনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই । সেই কাৰণে বৃহস্পতিবাৰে ঘটনাটোৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ বিচাৰি বাগানত উপস্থিত হয়‌ কেইবাটাও জাতীয়তাবাদী সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতি উদ্বেগজনক ভাৱে ৰাইজৰ দাবী বাগান কৰ্তৃপক্ষই মানি ল'ব নিবিচৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ । তাৰপাচতে উপায়ুন্তৰ হৈ ৰাইজ তথা দল-সংগঠনৰ লগত আলোচনাত বহে বাগান কৰ্তৃপক্ষ ।

ইপনে আলোচনাৰ অন্তত স্থানীয় ৰাইজে বাগান কৰ্তৃপক্ষক ৫ দিনৰ সময়সীমা বান্ধি দি উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায় আৰু বাগান কৰ্তৃপক্ষও এই সিদ্ধান্ত মানি লোৱা দেখা যায় ।

আনহাতে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমেহে বহলাই থকা বুলি কৈ বাগান কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ লগত অযথা তৰ্কযুদ্ধত লিপ্ত হোৱাত বিষয়টোৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে স্থানীয় সচেতন মহলে ।

লগতে পঢ়কঃ YES আই এম চিপাহী: মদিৰা পান কৰি এগৰাকী কনিষ্টবলৰ বাটৰ নাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.