ETV Bharat / state

নগাঁৱত ৩৫৭১ টা ভূমিহীন পৰিয়ালে পালে মাটিৰ পট্টা - শিৱসাগৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে শিৱসাগৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিহীন লোকৰ মাটিৰ পট্টা প্ৰদান অনুষ্ঠান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ সময়তে নগাঁৱতো প্ৰদান কৰা হয় মাটিৰ পট্টা । নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ ৩৫৭১ টা ভূমিহীন পৰিয়ালক প্ৰদান কৰা হয় মাটিৰ পট্টা ।

নগাঁৱত ৩৫৭১ টা ভূমিহীন পৰিয়ালে পালে মাটিৰ পট্টা

author img

By

Published : Jan 23, 2021, 7:32 PM IST

নগাঁও,23 জানুৱাৰী : সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ সময়তেই এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ব্যতিক্ৰমী অনুষ্ঠান ৷ শনিবাৰে শিৱসাগৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ভূমিহীন লোকৰ মাটিৰ পট্টা প্ৰদান অনুষ্ঠান ৷

নগাঁৱত ৩৫৭১ টা ভূমিহীন পৰিয়ালে পালে মাটিৰ পট্টা
নগাঁৱত ৩৫৭১ টা ভূমিহীন পৰিয়ালে পালে মাটিৰ পট্টা

নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ ৩,৫৭১ টা ভূমিহীন পৰিয়ালক প্ৰদান কৰা হয় এই মাটিৰ পট্টা । ইয়াৰে নগাঁও সদৰ ৰাজহ চক্ৰৰ অধীনৰ ৭৫০ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয় । নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভন আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি পৰিয়ালসমূহক ভূমি পট্টা প্ৰদান কৰে ।

উল্লেখ্য যে, জাতি, মাটি, ভেটি ৰক্ষাৰ আশ্বাস দি শাসনৰ গাদীত বহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে উক্ত প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগত বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজৰো সমালোচনাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে ৷ এনে ক্ষেত্ৰত সমাগত অসম বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হৈ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা পদক্ষেপক একাংশই শাসকীয় দলটোৰ নিৰ্বাচনী ৰণকৌশল বুলিও সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.