ধিং, 22 আগষ্ট : নগাঁও জিলাৰ ধিঙৰ 1 নং কান্ধুলীমাৰীত সংঘটিত হৈছে মাৰপিটৰ লগতে গুলীচালনাৰ ঘটনা ৷ প্ৰাপ্ত খবৰ মতে, পথাৰত কাম কৰি থকা অৱস্থাত উৰজত আলিৰ পৰিয়ালৰ লোকৰ ওপৰত পিষ্টল আৰু দা-যাঠিৰে আক্ৰমণ কৰে ভূ-মাফিয়া নুৰ হুছেইনৰ নেতৃত্বত অহা 20-025 জনীয়া গুণ্ডাবাহিনীৰ এটি দলে ৷ আক্ৰমণত উৰজত আলিৰ ভৰিত গুলি লগাত বিপৰীতে পৰিয়ালটোৰ বাকী সাতজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
নুৰ হুছেইন নামৰ ব্যক্তিজন ভূ-মাফিয়াৰ হোৱাৰ লগতে ড্ৰাগছৰ বেহাৰ লগতো জড়িত বুলি অভিযোগ কৰিছে উৰজত আলিৰ পৰিয়ালৰ লোকে ৷ চৰাঞ্চলৰ মাতব্বৰ নুৰ হুছেইনৰ নামৰ এজন ধিং আৰক্ষী থানাৰ আৰক্ষীৰ লগতো ভূ-মাফিয়া নুৰ হুছেইনৰ সম্পৰ্ক থকা বুলি মন্তব্য প্ৰকাশ কৰিছে উৰজত আলিৰ পৰিয়ালে ৷ ধিঙৰ চৰাঞ্চলত চলি থকা একাংশ গুণ্ডাবাহিনীৰ অত্যাচাৰৰত এতিয়া বিপদত পৰিছে সাধাৰণ ৰাইজ ৷
উক্ত ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈছে পৰিয়ালটোৰ কেইবাজনো লোক ৷ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷
লগতে পঢ়কঃ উজনিত সকলো বিৰোধী দলৰ উৰ্ধত নেকি অখিল গগৈৰ ৰাইজৰ দল ?