ETV Bharat / state

Satra Land Enchrochment : গুৰুজনাৰ জন্মস্থানত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতি - বেদখলকৃত ভূমি জৰীপ সমিতি

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত অসম চৰকাৰ সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতি (Land encrochment at Batadrava Satra) । বটদ্ৰৱা থানৰ সভাকক্ষত সত্ৰৰ এলেকাধীন ভূমিৰ বেদখলৰ বিষয়ে সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ সৈতে এক বৈঠকত মিলিত হয় ৷

Satra Land Enchrochment
গুৰুজনাৰ জন্মস্থানত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতি
author img

By

Published : Jan 11, 2022, 9:32 PM IST

নগাঁও, 11 জানুৱাৰী : গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক প্ৰদীপ হাজৰিকা ৷ অসম চৰকাৰে সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কৰাৰ বাবে আমগুৰিৰ বিধায়ক তথা সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বতে দুয়োগৰাকী বিধায়ক সোমবাৰে উপস্থিত হয় গুৰুজনাৰ জন্মস্থানত ।

লগতে বটদ্ৰৱা থানৰ সভাকক্ষত সত্ৰৰ এলেকাধীন ভূমিৰ বেদখলৰ বিষয়ে সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ সৈতে এক বৈঠকতো মিলিত হয় । বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে উল্লেখ কৰা অনুসৰি, গুৰুজনাৰ জন্মস্থানৰ দাঁতিকাষৰীয়া অঞ্চলটোৰ হাইডুবি পথাৰৰ ৩৪৬ নং দাগৰ প্ৰায় ১৩৫ বিঘা মাটি, বটদ্ৰৱা বৰহিছা সত্ৰৰ ১২৩ নং দাগৰ ১২৫ বিঘা মাটি আৰু কৃষি বীজ পামৰ ৩৪৬ নং দাগৰ ১৫০ বিঘা মাটি বেদখলকাৰীৰ কৱলত আছে (Land encrochment at Batadrava Satra) ৷

গুৰুজনাৰ জন্মস্থানত উপস্থিত সত্ৰৰ বেদখলকৃত ভূমি জৰীপ সমিতি

লগতে শান্তিজান বজাৰৰ প্ৰায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৫ বিঘা মাটি বেদখলকাৰীৰ কৱলত আছে বুলি উল্লেখ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷ আনহাতে, ১৯৯৭ চনতে লালুংগাঁও কিচামতৰ ৩০০ বিঘা ভূমি প্ৰাক্তন সৈনিকৰ নামত আৱন্টন দিছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, সেই ভূমিতো বৰ্তমান অবৈধ বেদখল অব্যাহত আছে (Satra Land Enchrochment) ।

মনকৰিবলগীয়া কথা যে, এই বেদখলকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা-সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে । আনকি একাংশ বেদখলকাৰীয়ে কৃষি ভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে । ঠিক একেদৰে, হাইডুবি পথাৰ আৰু বটদ্ৰৱা বৰহিছা সত্ৰৰ দুশ বিঘাৰো অধিক ভূমিত বেদখল অব্যাহত আছে ।

হাইডুবি কিচামৰ ভেটিয়নি গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ-দুৱাৰ সাজি শতাধিক লোকে প্ৰায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে । একেদৰে শান্তিজান বজাৰৰ প্ৰায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে । শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নামত আৱন্টিত ভূমিও বৰ্তমান বেদখলকাৰীৰ হাতত আছে । এই অভিযোগ তৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে ৷

উল্লেখ্য যে, বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ সত্ৰ ভূমি জৰীপ সমিতিক বেদখল হৈ থকা ভূমিৰ সম্পূৰ্ণ তথ্য দাখিল কৰে । সমিতিৰ সদস্যসকলে বটদ্ৰৱা থানৰ দাঁতিকাষৰীয়া বটদ্ৰৱা মৌজাৰ ঐতিহাসিক ৰামপুৰ সত্ৰৰ (য'ত পাঁচশ পঞ্চাশ বছৰ পূৰ্বতে গুৰুজনাই শিক্ষা গ্ৰহণ কৰা মহেন্দ্ৰ কন্দলী সংস্কৃত বিদ্যাপীঠ অৱস্থিত) লগতে গুৰুজনাৰ নাতি দামোদৰ ঈশ্বৰ পুৰুষে প্ৰতিষ্ঠা কৰা বালিসত্ৰৰ বেদখলকৃত ভূমিও পৰিদৰ্শন কৰে ।

লগতে পঢ়ক : Satra Land Enchrochment : সত্ৰৰ ভূমি বেদখলকাৰীলৈ জাননী জাৰিৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.