কলিয়াবৰ,15 মে'ঃ সমগ্ৰ দেশতে অব্যাহত আছে লক ডাউন ৷ এই জটিল সময়ছোৱাত বিগত 11 দিন ধৰি কলিয়াবৰ সমষ্টিৰ ৰাইজৰ মাজত আছে স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ আজি দ্বাদশ দিনাও মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীক লগত লৈ সমষ্টিটোৰ বেঙেনাআটি, বৰুৱাআটি গাঁৱত উপস্থিত হৈ পদুলিয়ে-পদুলিয়ে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে গাঁওবাসীক কৰ'ণা সন্ত্ৰাসৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ একত্ৰিতভাৱে যুঁজিবলৈ আহ্বান জনায়।আনহাতে মন্ত্ৰী গৰাকীয়ে আজি ভূৰবন্ধাৰ পৰা আমবাগান গড়কাপ্তানী পথ নিৰ্মাণৰো শুভাৰম্ভণী কৰে৷
লগতে পঢ়কঃকৰ্ণাটকত আবদ্ধ নলবাৰীৰ 15 জনকৈ যুৱক