ৰহা,১৩ মে': শুকুৰবাৰে ৰহাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshav Mahanta in Raha) । গুণোৎসৱ উপলক্ষে শুকুৰবাৰে ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ উঠিল খং । মন্ত্ৰী কেশৱ মহন্তই ধমক দিয়ে কংগ্ৰেছৰ নিলম্বিত তথা বিজেপিৰ ঘনিষ্ঠ ৰহাৰ বিধায়ক শশীকান্ত দাসক ।
ৰাজহুৱাকৈয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ধমক দিয়ে ৰহাৰ বিধায়কগৰাকীক । কিন্তু কিয় নিলম্বিত বিধায়ক শশীকান্তক ধমক দিয়ে কেশৱ মহন্তই(Minister Keshab Mahanta threatens MLA Shashikant) ?
দৰাচলতে বিধায়কগৰাকীয়ে নিজৰ নিৰাপত্তাৰক্ষীৰে সোমাই আহিছিল বিদ্যালয়খনলৈ । ইয়াতেই খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী । বিদ্যালয়লৈ কিয় পুলিচ লৈ আহিছে বুলি প্ৰশ্ন কৰি শীঘ্ৰেই বিদ্যালয়খনৰ চৌহদৰ পৰা আৰক্ষীক যাবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ।
জানিব পৰা মতে বিদ্যালয়খনত মন্ত্ৰীগৰাকী সোমোৱাৰ কিছু সময় পিচতে বিধায়ক শশীকান্ত দাসেও নিজৰ নিৰাপত্তাৰক্ষীৰে প্ৰৱেশ কৰে বিদ্যালয়খনত । সেই পৰিৱেশ দেখি মন্ত্ৰীগৰাকী ক্ষুব্ধ হৈ ককৰ্থনা কৰে বিধায়কগৰাকীক ।
স্বয়ং মন্ত্ৰীগৰাকীয়ে নিজৰ নিৰাপত্তাৰক্ষীক বিদ্যালয় চৌহদৰ বাহিৰত থৈ প্ৰৱেশ কৰিছিল বিদ্যালয়খনত । তেনেস্থলত বিধায়কগৰাকীয়ে গুণোৎসৱ চলি থকাৰ সময়তে আৰক্ষীৰ সৈতে প্ৰৱেশ কৰাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে মন্ত্ৰীগৰাকী । অৱশ্যে লগে লগে বিধায়কৰ নিৰাপত্তাৰক্ষীসকল বিদ্যালয়ৰ বাহিৰলৈ যায় ।