ETV Bharat / state

অসম সমবায় মৰাপাট কলত সংযোজিত হ’ল বিক্ৰী কেন্দ্ৰ - বিক্ৰী কেন্দ্ৰ

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত ৷ শিলঘাটৰ অসম সমবায় মৰাপাট কলত মৰাপাটৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ উদ্বোধন ৷ সংস্থাপিত নতুন শালত উৎপাদনৰ কামৰ শুভাৰম্ভণী ৷

Sale Centre
Sale Centre
author img

By

Published : Oct 15, 2020, 5:25 PM IST

কলিয়াবৰ, 15 অক্টোবৰ : শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত নতুনকৈ সংযোজিত হ'ল মৰাপাটৰ পৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ। অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে অসম সমবায় মৰাপাট কলৰ বিক্ৰী কেন্দ্ৰৰ আজি শুভাৰম্ভণী কৰে । এতিয়াৰে পৰা কলটোত উৎপাদিত সামগ্ৰীসমূহ পোনপটীয়াকৈ গ্ৰাহকে ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব ।

অসম সমবায় মৰাপাট কলত সংযোজিত হ’ল বিক্ৰী কেন্দ্ৰ

পৰিৱেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ‍্য ৰাখি মৰাপাটৰ মোনা, কাৰ্পেট, ভৰি মোচা যতন, ৰচী আদি খুচুৰা বিক্ৰীৰ বাবে সাজু কৰিছে সমবায় কল কৰ্তৃপক্ষই । সমবায় কলটোত নতুনকৈ সংস্থাপিত কৰা মুঠ 28 খন শাল আৰু দুটা যন্ত্ৰৰ কাৰ্য‍ৰ শুভাৰম্ভণী কৰে স্থানীয় বিধায়ক, মন্ত্ৰী তথা সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি কেশৱ মহন্তই । এই সমবায় কলটো ঠন ধৰি উঠিলে থলুৱা মৰাপাট কৃষক সকলৰ কাৰণেও সুখৰ দিন আহিব বুলি ধাৰণা কৰা হৈছে ৷

Sale Centre
অসম সমবায় মৰাপাট কলৰ বিক্ৰী কেন্দ্ৰ

লগতে পঢ়ক : পুনৰ অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ৰঙিয়াবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.