ETV Bharat / state

নগাঁৱত কেৰেলাৰ বাছ চালকৰ আত্মহত্যা

মঙলবাৰে নগাঁৱৰ কাটিমাৰীত কেৰালাৰ বাছ চালকৰ আত্মহত্যা ৷ আংশিক লক ডাউনৰ ফলত নগাঁৱত আবদ্ধ হৈ আছিল অভিজিৎ ওৰফে অপু নামৰ বাছ চালকজন ৷ আত্মহত্য়াৰ প্ৰকৃত কাৰণ বৰ্তমানো ৰহস্যৰ আৱৰ্তত ৷

author img

By

Published : Jun 15, 2021, 10:59 PM IST

driver suicide in nagaon
কেৰেলাৰ চালকৰ আত্মহত্যা

নগাঁও, 15 জুন : নগাঁও জিলাৰ কাটিমাৰীত মঙলবাৰে কেৰালাৰ এখন যাত্ৰীবাহী বাছৰ চালকে গাড়ীৰ ভিতৰতে আত্মহত্যা কৰে । আত্মহত্যা কৰা চালকজন কেৰালাৰ কুঝিকড়ি জিলাৰ অভিজিৎ ওৰফে অপু বুলি জানিব পৰা গৈছে । চালকজনৰ আত্মহত্যাক লৈ কাটিমাৰি অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

কেৰেলাৰ চালকৰ আত্মহত্যা

উল্লেখ্য যে, কেৰালাৰ পৰা নগাঁও জিলালৈ অহা বহুকেইখন যাত্ৰীবাহী বাছ শেহতীয়াকৈ আংশিক লক ডাউনৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ পৰে । ইতিমধ্যে ইয়াৰ মাজৰে কেইখনমান বাছ এসপ্তাহ পূৰ্বে কেৰালালৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে নগাঁও জিলা প্ৰশাসনে । আৱদ্ধ হৈ পৰা কেৰালাৰ বাছৰ মাজৰে KL-৬৭৪-A-১০১৪ নম্বৰৰ বাছখনৰ চালক অভিজিতে বহু দিন ধৰি নগাঁৱতে বাছসহ আৱদ্ধ হৈ পৰিছিল ।

কিন্তু মঙলবাৰে বাছখনৰ ভিতৰতে আত্মহত্যা কৰে চালকজনে । বৰ্তমানলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও দিনৰ ভাগত অভিজিতে কেৰালাৰ নিজ গৃহত থকা পত্নীৰ সৈতে টেলিফোনত মতানক্য ঘটে ৷ ইয়াৰ পাচতে তেওঁ আত্মহত্যা কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক : ইটাখোলাৰ ধুবিখোলাত বোমা উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.