কলিয়াবৰ, 16 জুলাইঃ মংগলবাৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি পোৱালিৰ সৈতে এটা হাতীৰ জাকে প্ৰৱল বানৰ পৰা পৰিত্ৰাণ বিচাৰি কাজিৰঙাৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে । আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু । বানৰ পৰা পৰিত্ৰাণ পাবলৈ উলাই অহা পহুটো বিদ্যালয়খনৰ অধ্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । দুখৰ কথা যে, ৰাষ্ট্ৰীয় উদ্যান খনত বৰ্তমানলৈকে বানৰ কবলত পৰি 4 টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 28 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।
কাজিৰঙাত বন্যপ্ৰাণীৰ বিলৈ - বন্যপ্ৰাণী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে বানৰ কবলত পৰি ৪ টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 2৮ টা বন্যপ্ৰাণীৰ মৃত্যু
কলিয়াবৰ, 16 জুলাইঃ মংগলবাৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি পোৱালিৰ সৈতে এটা হাতীৰ জাকে প্ৰৱল বানৰ পৰা পৰিত্ৰাণ বিচাৰি কাজিৰঙাৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে । আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু । বানৰ পৰা পৰিত্ৰাণ পাবলৈ উলাই অহা পহুটো বিদ্যালয়খনৰ অধ্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । দুখৰ কথা যে, ৰাষ্ট্ৰীয় উদ্যান খনত বৰ্তমানলৈকে বানৰ কবলত পৰি 4 টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 28 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।
সুগৰি পহু উদ্ধাৰ শিলঘাটত, চিকিৎসাৰ ব্যৱস্থা স্থানীয় সচেতন পশুপ্ৰেমীৰ
বানৰ পৰা নিৰাপত্তা বিচাৰি বাগৰিৰৰ ৰাজপথৰ দাঁতিত বনৰীয়া ম'হ
Big Breaking :
চাৰিটা গঁড়কে ধৰি ২৮ টা বন্যপ্ৰাণীৰ মৃত্যু – কাজিৰঙা কৰ্তৃপক্ষBody:কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি অকণমানি পোৱালিৰ সৈতে দেখা গ'ল হাতীৰ জাকটো
প্ৰৱল বানৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ পৰা জনাঞ্চললৈ হাতীৰ দলটো আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।
বৰ্তমান বালিদুৱাৰ গাঁৱত শিলঘাট বন সংমণ্ডলৰ বন কৰ্মীৰ হাতীৰ দলটো নিৰাপদ স্থানলৈ খেদি পঠিওৱা চেষ্টা অব্যাহত ৰাখিছে।
আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু। বিদ্যালয়ৰ চৌহদৰ উদ্ভিদ উদ্যানত বানৰ পৰা ৰক্ষা পাবলৈ আহি আঘাটপ্ৰাপ্ত হয়। বিদ্যালয়খনৰ অধ্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই হৰিণাটো কৰায়ত্ব কৰে। স্থানীয় পশু চিকিৎসক সুৰজ প্ৰতীম কাকতিৰ তত্বাৱধানত আঘাটপ্ৰাপ্ত পহুটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
বনৰীয়া ম'হৰ এটা জাক নিৰাপদ স্থানৰ সন্ধানত ঘুৰি-ফুৰা দেখা গৈছে বাগৰি অঞ্চলত। বাগৰি আৰক্ষী থানাৰ সমীপতে এই দলটোৱে বৰ্তমান অৱস্থান লৈ আছে।
ইতিমধ্যে বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা প্ৰচণ্ড বানত চাৰিটা গঁড়ৰ মৃত্যু হৈছে বুলি সদৰি কৰিছে। তাৰে এটা গঁড়ৰ মৃতদেহ বাগৰি বনাঞ্চলৰ বুলি জানিব পৰা গৈছে। এই পৰ্য্যন্ত মুঠতে ২৮টা বন্যপ্ৰাণী মৃত্যু মুখত পৰিছে বুলি জনা গৈছেConclusion:visuals