নগাঁও, 09 মে' : নগাঁও জিলাৰ যমুনামুখ সমষ্টিৰ কমাৰগাঁৱত কপিলী নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ জনপ্ৰতিনিধি আৰু চৰকাৰলৈ বাট নাচাই ৰাইজেই বাঁহেৰে মেৰামতি কৰিলে মথাউৰি ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মথাউৰি নিৰ্মাণৰ বাবে 14 লাখ 30 হাজাৰ টকা আৱণ্টন দিয়া হৈছিল যদিও ঠিকাদাৰে সিংহভাগ ধনেই আত্মসাত কৰে ৷
উপায়ন্তৰ হৈ ৰাইজে নিজে হাতে কামে লাগি মথাউৰিটো নিৰ্মাণ কৰে ৷ ইপিনে ক্ষোভিত ৰাইজে "বিজেপি চৰকাৰ মুৰ্দাবাদ" , "সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ" , "কেশৱ মহন্ত মুৰ্দাবাদ" আৰু "হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ" ধ্বনিৰেও প্ৰতিবাদ সাব্যস্ত কৰে ৷