কামপুৰ, 10 জানুৱাৰী: কামপুৰত অব্যাহত হাতীৰ উপদ্ৰৱ ৷ হাতী খেদিবলৈ নগাঁও, চালনা,কামপুৰকে ধৰি বিভিন্ন স্থানৰ পৰা আহি কামপুৰৰ চাংচকী অঞ্চলত উপস্থিত বনবিভাগৰ লোক ৷ দীৰ্ঘদিন ধৰি বন বিভাগে ভ্ৰাম্যমাণ হাতী খেদা যন্ত্ৰ, জেচিবি আদি ব্যৱহাৰ কৰি, হাতী খেদিবলৈ বহু প্ৰচেষ্টা কৰি আহিছে যদিও বৰ্তমানলৈ সক্ষম হোৱা নাই হাতীৰ জাকটো খেদি পঠিয়াবলৈ ৷
লগতে পঢ়ক: বি এছ এফৰ জোৱানক আক্ৰমণ বাংলাদেশী দুৰ্বৃত্তৰ