বঢ়মপুৰ,10 অক্টোবৰ: বিদেশত মৃত্যু হৈছে নগাঁৱৰ আটিকামপুৰৰ মেধাৱী ছাত্ৰ অৰণ্যম বৰাৰ ৷ কানাডাত অধ্যয়নৰত অৰণ্যমে বন্ধু বৰ্গৰ সৈতে এটা হ্ৰদত গা ধুবলৈ যাওতে পানীত ডুবি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
![Kampur Boy died in Canada](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-barhampur-802-10oct-barhampur-kampurboydeathoutofcountry-visual-madhabchbhuyan_10102020175501_1010f_1602332701_68.jpg)
ৰাজ্যিক বন বিভাগৰ উৰ্ধতম বিষয়া আটিকামপুৰৰ উৎপল বৰা পুত্ৰ অৰণ্যমৰ মৃতদেহ শনিবাৰে নিজ বাসগৃহলৈ নিয়া হয় আৰু কঠিয়াতলী গৰুবন্ধাত শেষকৃত্য সম্পন্ন কৰা হয় । অৰণ্যম বৰাৰ মৃত্যুত সমগ্ৰ কামপুৰ অঞ্চলতেই শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: কৃষি বিধেয়কে কৃষকৰ উন্নতি সাধন কৰিব:কামাখ্যা প্ৰসাদ তাছা