ETV Bharat / state

Kaliabor Sericulture Department: অস্তিত্বৰ সংকটত কলিয়াবৰৰ ৩ খন চৰকাৰী ৰেচম পাম - Negligence of sericulture superintendent

ধ্বংসৰ গৰাহত অসমৰ ৰেচম শিল্প (Assam silk industries)। বিভাগৰ অৱহেলাৰ বাবে ৰেচম পামবোৰৰ অস্তিত্ব সংকটত পৰিছে । কলিয়াবৰৰ ৩ খন চৰকাৰী ৰেচম পামৰ প্ৰতি চৰকাৰৰ অৱহেলা । কলিয়াবৰৰ ৰেচম অধীক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পলু পালকৰ ।

Kaliabor Sericulture Department
অস্তিত্বৰ সংকটত কলিয়াবৰৰ ৩ খন চৰকাৰী ৰেচম পাম
author img

By

Published : Jan 6, 2023, 2:09 PM IST

অস্তিত্বৰ সংকটত কলিয়াবৰৰ ৩ খন চৰকাৰী ৰেচম পাম

কলিয়াবৰ,৬ জানুৱাৰী : সোণালী সূতাৰ দেশ হিচাপে পৰিচিত অসমত এতিয়া ৰেচম শিল্পৰ প্ৰতি কোনো গুৰুত্ব নাই ৰজাঘৰীয়াৰ (Negligence of Sericulture Department)। একাংশ বিষয়াৰ গা এৰা মনোভাৱৰ বাবেই ৰাজ্যত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৰেচম বিভাগৰ । বিভাগীয় বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ধ্বংসৰ গৰাহত কলিয়াবৰৰ তিনিখনকৈ চৰকাৰী ৰেচম পাম ।

এসময়ত অসমবাসীয়ে গৌৰৱ কৰা ৰেচম শিল্পৰ এতিয়া শ্মশান যাত্ৰা আৰম্ভ হৈছে ! এয়া আমি কোৱা নাই । সাম্প্ৰতিক পৰিৱেশে এই কথা স্পষ্ট কৰিছে । বিশেষকৈ নগাঁও জিলাৰ কলিয়াবৰৰ ৰেচম বিভাগৰ দুৰৱস্থা দেখিলে আপুনিও আচৰিত হ'ব । বিভাগৰ কাৰ্যালয়ৰ ফলক আছে, কিন্তু তাত আপুনি কোনো বিষয়াকে নাপাব । কলিয়াবৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়ৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে কৃষকসকলক (Government silk farms in Kaliabor in crisis)। কিয়নো এখন ফলকতে আৱদ্ধ ৰেচম অধীক্ষকৰ সকলো কাম-কাজ ।

কলিয়াবৰৰ নলতলিত অৱস্থিত মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰৰ সমীপতে এখন ফলক আঁৰি থোৱা হৈছে । কিন্তু ৰেচম অধীক্ষকৰ কাৰ্যালয় অথবা ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীক তাত আপুনি বিচাৰিও নাপায় । কাগজে-কলমেহে আছে কলিয়াবৰৰ ৰেচম অধীক্ষকৰ কাৰ্যালয়টো । কাৰ্যক্ষেত্ৰত বছৰটোত মাত্ৰ দুই-চাৰি দিন ৰেচম পামত দেখা দিয়েই দায়িত্ব সামৰে কলিয়াবৰৰ ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীয়ে । এই অভিযোগ ৰেচন শিল্পৰ লগত জড়িত কৃষকসকলৰ ।

স্থানীয় পলু পালকসকলে জনোৱা মতে কলিয়াবৰৰ লগতে মৰিগাঁৱৰো দায়িত্ব পালন কৰাৰ বাবে অধীক্ষকগৰাকীয়ে কলিয়াবৰৰ উক্ত পামখনলৈ আহিব নোৱাৰে । এনে পৰিস্থিতিত মহকুমা ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীৰ নিৰ্লিপ্ততাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত কলিয়াবৰৰ গুৰুত্বপূৰ্ণ তিনিখনকৈ চৰকাৰী ৰেচম পাম (Irregularities of sericulture superintendent)। কিন্তু কলিয়াবৰলৈ নাহিলেও মৰিগাঁৱৰ কাৰ্য‍ালয়ত অধীক্ষৰগৰাকী কেইদিন উপস্থিত থাকে সেয়াও গুৰুত্বপূৰ্ণ বিষয় ।

ইফালে পৰ্যাপ্ত সা-সুবিধাৰ অভাৱ আৰু বিভাগীয় অৱহেলাৰ বাবে ক্ৰমাৎ সংকোচিত হৈছে নলতলিৰ মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰ । একেই অৱস্থা জখলাবন্ধা আৰু দেউৰী চিলাবন্ধাৰ ৰেচম পাম দুখনৰো । প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পাম তিনিখনৰ দুৰৱস্থাৰ প্ৰতি অলপো গুৰুত্ব নাই ৰেচম অধীক্ষক নিৰূপম ৰয় চৌধুৰীৰ লগতে বিয়াগোম বিভাগটোৰ ।

ৰেচম শিল্পত এসময়ৰ নদন-বদন কলিয়াবৰৰ ৰেচম বিভাগত বৰ্তমানৰ এই পয়ালগা ছবি দেখি হতবাক ৰাজ্যবাসী । ৰাইজৰ প্ৰশ্ন কলিয়াবৰত এনেদৰেই ক্ৰমান্বয়ে নিশ্চিহ্ন হ'ব নেকি ৰেচম শিল্প । লক্ষণীয়ভাৱে অতি শীঘ্ৰে এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে আমি গৌৰৱ কৰিব পৰা আন এক সম্পদো হেৰুৱাম !

লগতে পঢ়ক :Majuli Bhaona Samaroh 2023 : ঐতিহাসিক খাটপথাৰত আৰম্ভ সদৌ অসম অংকীয়া ভাওনা সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.