কলিয়াবৰ, 15 জুলাই : ড্ৰাগছ (Drugs), সুৰা (Liquor) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ শেন চকুৰ মাজতো ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ ৷ বুধবাৰে দুটা পৃথক অভিযানত কলিয়াবৰ আৰক্ষী(Kalibor Police)এ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ দেশীয় সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ কলিয়াবৰ আৰক্ষী (Kalibor Police)এ ক’ভিড নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে চলোৱা নিয়মীয়া তালাচী অভিযানৰ সময়ত ড্ৰাগছ ব্যৱসায়ী দুটা ধৰা পৰে ৷
ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষী(Kalibor Police)এ নগদ ৯৫,২৮০ টকা জব্দ কৰাৰ লগতে এ এচ ১২ ৱাই ৯৬৯৪ নম্বৰৰ এখন কে. টি. এম. মটৰচাইকেল জব্দ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে শিৱস্থান গৰুমৰাৰ নবিৰ হুছেইন আৰু কুহুমতলিৰ মহবৰ আলী ওৰফে দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, চামগুৰি থানাৰ পূৰ্বৰ এক গোচৰত পলাতক হৈ আছিল ড্ৰাগছ ব্যৱসায়ী দুটা ।
ইফালে কলিয়াবৰৰ দলগাঁৱতো বুধবাৰে কলিয়াবৰ আৰক্ষী আৰু আবকাৰী বিভাগে যৌথভাৱে অভিযান চলাই বহু সংখ্যক দেশীয় সুৰাৰ বটল উদ্ধাৰ কৰে ৷ আৰক্ষীৰ দলটোৱে দেশীয় সুৰাৰ লগতে প্ৰায় এহেজাৰ লিটাৰ চুলাই নষ্ট কৰে ৷ আৰক্ষীৰ অভিযানৰ উমান পাই অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত লোকসকল পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান অভিযুক্তসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই নিচাযুক্ত সামগ্ৰী তথা মাদক দ্ৰব্যৰ লগতে এনে সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে ৷ কৰ'ণাৰ ভয়াবহ সংক্ৰমণৰ সময়তো অসামাজিক কাৰ্যকলাপত জড়িত হৈ থকা অপৰাধী চক্ৰৰ বিৰুদ্ধে কলিয়াবৰত ধাৰাবাহিকভাবে অভিযান চলি আছে ।
লগতে পঢ়ক : নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সন্দেহত বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা