ETV Bharat / state

সোমবাৰে কলিয়াবৰত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী

author img

By

Published : Mar 21, 2021, 8:20 PM IST

পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰত উপস্থিত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ কংগ্ৰেছৰ পাঁচটা গেৰাণ্টি লৈ কলিয়াবৰত উপস্থিত হ'ব গান্ধী ৷ এই লৈ এতিয়া কলিয়াবৰৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি ৷

kaliabor gears up for election campaign rally of priyanka gandhi
সোমবাৰে কলিয়াবৰত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী

কলিয়াবৰ,21 মাৰ্চ: কংগ্ৰেছৰ পাঁচটা গেৰাণ্টি লৈ সোমবাৰে কলিয়াবৰত উপস্থিত হ'ব সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ পোন প্ৰথমবাৰৰ বাবে কলিয়াবৰত প্ৰিয়ংকা গান্ধীৰ আগমনক লৈ কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজত ব্যাপক প্ৰস্তুতি ৷ পিতৃৰ নামত উৎসৰ্গীকৃত খেল পথাৰত উপস্থিত হৈ গান্ধীয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি নলতলি আৰিমৰাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত এখন নিৰ্বাচনী সভাত উপস্থিত থাকিব প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ গান্ধী উপস্থিত থাকিব লগীয়া নিৰ্বাচনী সভাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ কংগ্ৰেছ কৰ্মী সকলে প্ৰায় 50 হাজাৰ ৰাইজৰ উপস্থিতি আশা কৰিছে ৷

কংগ্ৰেছৰ পাঁচটা গেৰাণ্টি লৈ কলিয়াবৰত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী

উল্লেখ্য যে, সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে দেওবাৰে যোৰহাট, নাজিৰা আৰু খুমটাইত নিৰ্বাচনী সভা সম্বোধন কৰি অসমৰ ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায় ৷ যোৰহাটত এখন নিৰ্বাচনী সভা সম্বোধন কৰি গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ তুলি সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: সোমবাৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.