ETV Bharat / state

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰত নিৰাশ গ্ৰাহক - 5 দিনীয়া লকডাউন জাৰি

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰ নিৰাশ গ্ৰাহক ৷ যাৰ বাবে এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ উদ্যোগত অধ্যাপক প্ৰাণজিৎ কুমাৰ ভুঞাৰ আৰু প্ৰতাপ মেধিৰ নেতৃত্বৰ এটা দলে প্ৰস্তুত কৰি উলিয়াইছে চেনিটাইজাৰ ৷

কলিয়াবৰত নিৰাশ গ্ৰাহক
কলিয়াবৰত নিৰাশ গ্ৰাহক
author img

By

Published : Mar 23, 2020, 7:35 PM IST

Updated : Mar 23, 2020, 7:57 PM IST

কলিয়াবৰ, 22 মাৰ্চঃ দেওবাৰৰ জনতা কৰ্ফিউৰ সময়ত এচাম লোকৰ অসচেতনতাই সমগ্ৰ দেশতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টিৰ পিচত আজি তাৰ এক বিপৰীত ৰূপ ভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে এনে অসচেতন লোকৰ পৰা সংক্ৰমণৰ ভয়াবহতা ৰোধৰ বাবে কাইলৈৰ পৰা কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহত 5 দিনীয়া লক ডাউন জাৰি কৰিছে ৷ কিন্তু অসম চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পূৰ্বেই কলিয়াবৰত অসম চেম্বাৰ অৱ কমাৰ্চে দিয়া বন্ধ পালনৰ সময়ছোৱাত দুই এখন দোকান খোলা আছিল যদিও, লকডাউনৰ বাৰ্তা ৰাষ্ট্ৰ হোৱাৰ লগে লগে দোকান-পোহাৰবোৰ বন্ধ হৈ পৰে ৷

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰত নিৰাশ গ্ৰাহক

আনহাতে কলিয়াবৰ ফাৰ্মাচীবোৰত মাস্ক আৰু চেনিটাইজাৰ বিচাৰি গ্ৰাহকসকল নিৰাশ হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত অধ্যাপক প্ৰাণজিৎ কুমাৰ ভুঞাৰ আৰু প্ৰতাপ মেধিৰ নেতৃত্বত তিনিগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে বিদিপ নাথ, মানস প্ৰতিম ডেকা আৰু জ্ঞানশ্ৰী বৰুৱাৰ এটি পাঁচজনীয়া দলে চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷

লগতে পঢ়কঃ এতিয়াও সজাগ হোৱা নাই জনতা !

Last Updated : Mar 23, 2020, 7:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.