কলিয়াবৰ, 9 জানুৱাৰী: ঐতিহাসিক আৰু প্ৰাকৃতিক সমলৰে শুৱনি কলিয়াবৰে ৰিঙিয়াই মাতিছে পৰ্যটকক ৷ নগাঁৱৰ বিখ্যাত কবি ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাৰ্যৰ কথাৰে,
“কলিয়াবৰ – হাটবৰ
জখলাবন্ধা – বাটবৰ
বুৰঞ্জীৰ – যাদুঘৰ
সাহিত্যৰ – বৰঘৰ
অসমৰ – মাজঘৰ
সংস্কৃতিৰ – নামঘৰ”
কেৱল ঐতিহাসিক, প্ৰকৃতিক সমলেৰেই নহয় জৈৱ-বৈচিত্ৰতাৰ দিশৰ পৰাও চহকী কলিয়াবৰ ৷ কলিয়াবৰক পৰিৱেশকেন্দ্ৰিক আৰু ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ অসম চৰকাৰে লৈছে অভিলাষী আঁচনি ৷ সেই আঁচনিৰ সফল ৰূপায়ণৰ প্ৰাৰম্ভিক খোজত কলিয়াবৰ হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ যিয়ে সফলতা লাভ কৰিছে কলিয়াবৰ প্ৰশাসন আৰু আগ্ৰহী ব্যক্তিৰ প্ৰচেষ্টাত ৷
কলিয়াবৰৰ মাজেৰেই বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ দেশী-বিদেশী পৰ্যটক আহে যদিও, অপৰ্যাপ্ত আহোম যুগীয়া তথা সাংস্কৃতিক সমলৰে চহকী ঠাইখন উপযুক্ত আন্তঃগাঁঠনিৰ অভাৱৰ বাবে গুৰুত্বহীন হৈ আছিল ৷ কিন্তু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলিয়াবৰ মহকুমা প্ৰশাসন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সন্মিলিত প্ৰচেষ্টাত বৰ্তমান কলিয়াবৰলৈ সোঁত বৈছে পৰ্যটকৰ ৷
শিলঘাটৰ কামাখ্যা মন্দিৰ, ত্ৰিশূলধাৰী মন্দিৰ, দুইমুনি শিলা, বৃটিছ আমোলৰ খাৰঘৰ, বৰটোপ, হাতীমুৰাৰ দূৰ্গা মন্দিৰ, ভঁৰালী নামঘৰ, নৃসিংহ দেৱালয়, মিছাকোঠ, চামধৰা গড়, পৰিভ্ৰমী আৰু দেশী চৰাইৰ বিচৰণস্থলী আৰু জয়সাগৰ দলনিক সামৰি লৈছে কলিয়াবৰৰ পৰ্যটনৰ মানচিত্ৰই ৷ ছ-অৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰৰ সাংস্কৃতিক পথাৰখনে অসমৰ ইতিহাসত এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে ৷
শিলঘাটৰ মহাবাহুত নৌকা বিহাৰ, কঠালগুৰিৰ নীলা পানীৰ হ্ৰদ, লুংচুঙৰ হদ্-হদী জলপ্ৰপাত, বুঢ়া চাপৰি অভয়াৰণ্য এতিয়া পৰ্যটকৰ আকৰ্ষণৰ স্থলী ৰূপে পৰিগণিত হৈছে ৷ ভোমৰাগুৰিৰ পৰা শিলঘাটলৈ ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ হোৱা নৌকা বিহাৰে পৰ্যটকক বিশেষভাৱে আকৰ্ষিত কৰিছে ৷ যোৱা সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ বুকুত শিলঘাটৰ পৰা নৌকা বিহাৰৰ সময়ত শিহু দৰ্শন কৰি আপ্লুত হয় মাৰ্কিন ৰাষ্ট্ৰদূত ৷
কলিয়াবৰক বিশ্ব মানৰ পৰ্যটনৰ ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে গঢ়ি তোলা হৈছে এথনিক ভিলেজ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় বিধায়ক, কলিয়াবৰ মহকুমা প্ৰশাসন, ডব্লিউ ডব্লিউ এফৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্যাদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাঙ্গা গাঁৱৰ কাজিৰঙাৰ দাঁতি কাষৰীয়া 37 নং ঘাইপথৰ কাষতে অৱস্থিত থকা ঠাইখনে ৷ সুস্বাদু পৰম্পৰাগত খাদ্যসম্ভাৰেৰে পৰ্যটকৰ বাবে প্ৰস্তুত কৰি উলিওৱা গৈছে এথনিক ভিলেজ ৷ ইতিমধ্যেই ফৰাছী ৰাষ্ট্ৰদূত আৰু বৃটিছ ক্ৰিকেটাৰে পদাৰ্পণ কৰি গৈছে নগাঁৱৰ এথনিক ভিলেজ ৷
লগতে পঢ়ক: এজাক কণমানিৰ কণ্ঠত চাৰে জাহা চে অচ্ছা...