ETV Bharat / state

মই নিৰ্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত: মোহন বে' - হাওৰাঘাট বিধান পৰিষদ

"মই এই নিৰ্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত ৷ আমি 100 শতাংশই ভোট লাভ কৰিম ৷ দুৰ্নীতিৰ পৰা মুক্ত হ'বলৈ ৰাইজ একগোট হৈছে ৷ চুচেনধেন্টা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তিনিটাকৈ সংগঠনে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে’’ ৷ বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰাৰ এই সংকল্প নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'ৰ ৷

মই নিৰ্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত : নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'

author img

By

Published : May 27, 2022, 1:02 PM IST

কলিয়াবৰ, 27 মে’ : কাৰ্বি ভূমিত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত এতিয়া নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ এইবাৰ নিৰ্বাচনত 100 শতাংশই ভোটলাভ কৰি জয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'ৰ ৷ বিজেপিয়ে সমষ্টিটোৰ উন্নতিৰ হকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ৷

বৃহস্পতিবাৰে হাজাৰ-হাজাৰ ৰাইজৰ উপস্থিতিত 18 নং হাওৰাঘাট বিধান পৰিষদৰ অন্তৰ্গত 17 নং চুচেনধেন্টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'ৰ হৈ আয়োজন কৰা হয় এক নিৰ্বাচনী প্ৰচাৰ সভা (Independent Candidate Mohan Bay Election Campaign) ৷ "মই এই নিৰ্বাচনত জয়জুক্ত হোৱাটো নিশ্চিত ৷ আমি 100 শতাংশই ভোট লাভ কৰিম ৷ দুৰ্নীতিৰ পৰা মুক্ত হবলৈ ৰাইজ একগোট হৈছে ৷

মই নিৰ্বাচনত জয়যুক্ত হোৱাটো নিশ্চিত : নিৰ্দলীয় প্ৰাৰ্থী মোহন বে'

চুচেনধেন্টা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত তিনিটাকৈ সংগঠনে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে’’ ৷

লগতে পঢ়ক : KAAC election 2022: বিজেপিৰ বহু প্ৰত্যাশিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে বৃহৎ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিব বুলি সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ অহা 8 জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022) ৷ পৰিষদখনৰ ২৬ টা সমষ্টিত পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

সমষ্টিকেইটাৰ ভোটাৰৰ মুঠ সংখ্যা হৈছে 7,03,298 গৰাকী । ইয়াৰে 3,55,503 জন পুৰুষ; 3,47,790 গৰাকী মহিলা আৰু 5 গৰাকী তৃতীয় লিংগৰ ভোটাৰ । আনহাতে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে 906 টা । 12 জুনত অনুষ্ঠিত হ'ব ভোট গণনা ।

লগতে পঢ়ক : KAAC Election 2022: 26 টা সমষ্টিত 164 খন মনোনয়ন দাখিল ভিন্ন দলৰ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.