ETV Bharat / state

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস

ৰাইজৰ অভিযোগ যে, ধিং পৌৰ সভাৰ অধীনস্থ নলা নদৰ্মা সমূহৰ পৰা পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবেই এই ৰোগৰ প্ৰাৰ্দুভাব হৈছে ।

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস
author img

By

Published : Jul 3, 2019, 11:59 AM IST

বটদ্ৰৱা , ৩ জুলাই :ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে নগাঁৱৰ ধিঙতো জাপানীজ এনকেফেলাইটিজৰ আতংকই দেখা দিছে । মঙলবাৰে নগাঁৱত চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

ধিঙত জাপানীজ এনকেফেলাইটিজৰ সন্ত্ৰাস

মৃত মহিলা গৰাকী ধিঙৰ লাকলঙীয়া গাঁৱৰ বিনা বৰা । ইতিমধ্যে গাঁওখনৰ কেইবাজনো লোক জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈছে । ইপিনে একে গাৱঁৰে মুলানী বৰা নামৰ আন এগৰাকী মহিলাও বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । তাৰোপৰি ধিঙৰ বিভিন্ন অঞ্চলৰ বহু লোক জ্বৰত আক্ৰান্ত হৈছে । ৰাইজৰ সন্দেহ অনুসৰি, এই সকল লোকো জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হবলৈ আৰম্ভ কৰিছে । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । ইফালে প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে নগাঁও স্বাস্থ্য বিভাগে এই অঞ্চল সমূহত কোনো ধৰণৰ প্ৰতিষেধক মূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ৰাইজৰ অভিযোগ যে ধিং পৌৰ সভাৰ অধীনস্থ নলা নদৰ্মা সমূহৰ পৰা পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবেই এই ৰোগৰ প্ৰাৰ্দুভাব বাঢ়িব ধৰিছে ।

Intro:ধিঙত জাপানীজ এনকেফ্লাইটিজৰ সন্ত্ৰাস । মৃত্যু এজন আক্রান্ত কেইবাজনো । নিৰ্বিকাৰ ব্যাগুম স্বাস্থ্য বিভাগ । Body:ৰাজ্যত জাপানীজ এনকেফ্লাইটিজ ৰোগত অাক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ সময়তে নগাঁৰ ধিঙতো জাপানীজ এনকেফ্লাইটিজৰ আতংকই দেখা দিছে । আক্রান্ত হৈছে কেইবাজনো । মংগলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে এগৰাকী মহিলাৰ । মহিলা গৰাকীৰ নাম বিনা বৰা । ঘৰ ধিঙৰ লাকলঙীয়া গাঁৱত । গাঁওখনত জাপানীজ এনকেফ্লাইটিজত আক্রান্ত হৈছে কেইবাজনো লোক । একে গাৱঁৰে মুলানী বৰা নামৰ আন এগৰাকী মহিলাও বৰ্তমান নগাওঁৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত জাপানীজ এনকেফ্লাইটিজ ৰোগত অাক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । তাৰোপৰি ধিঙৰ বিভিন্ন অঞ্চলত বহু লোক জ্বৰত আক্রান্ত হৈ ভোগি আছে । ৰাইজৰ সন্দেহ এই সকল লোকো আক্রান্ত হৈছে জাপানীজ এনকেফ্লাইটিজ ৰোগত । কিন্তু কাণ সাৰ নাই বিয়াগোম স্বাস্থ্য বিভাগৰ । স্বাস্থ্য বিভাগে যদি সঠিক সময়ত ব্যৱস্থা গ্রহণ নকৰে তেন্তে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে । বাতৰি সংগ্ৰহ কৰা সময়লৈকে নগাওঁ স্বাস্থ্য বিভাগে এই অঞ্চল সমূহত কোনো ধৰনৰ প্ৰতিষেধক মূলক ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই । ৰাইজৰ অভিযোগ ধিং পৌৰ সভাৰ অধীনস্থ নলা নদৰ্মা সমূহৰ পৰা পানী নিষ্কাষণৰ কোনো ব্যৱস্থা নথকাৰ বাবেই এই ৰোগৰ প্ৰাৰ্দুভাব হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.